কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত বৃন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ । গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ নামকীৰ্ত্তনৰে শুভাৰম্ভ হব অনুষ্ঠান ।

কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত বৃন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ । গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ নামকীৰ্ত্তনৰে শুভাৰম্ভ হব অনুষ্ঠান ।

author-image
asomiyapratidin
New Update
কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত বৃন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ । গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ নামকীৰ্ত্তনৰে শুভাৰম্ভ হব অনুষ্ঠান ।

ডিজিটেল সংবাদ, বটদ্ৰৱা : সামাজিক-সাংস্কৃতিক অনুষ্ঠান "কুটুম্ব সুৰক্ষা পৰিষদ"ৰ উদ্যোগত উত্তৰপ্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে "সূত্ৰধাৰ" শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । অহা ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সূত্ৰধাৰৰ কাৰ্যসূচীত নামকীৰ্ত্তন, খোল প্রসঙ্গ, বৰগীত, সত্রীয়া নৃত্য, দিহানাম, অংকীয়া ভাওনা আদি বিভিন্ন গুৰুজনাৰ অনুপম সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে মুখৰিত হব শ্ৰীকৃষ্ণ ধাম বৃন্দাবন । গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ ১৫ অক্টোবৰৰ পুৱা বৃন্দাবনত গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণবে নামকীৰ্ত্তন কৰিব, পাছত বটদ্ৰৱাৰ মৌলিক শিল্প ৰামধেমালি আৰু গোসাঁনী প্ৰৱেশৰ নাচ পৰিবেশন কৰিব বটদ্ৰৱাৰ উদীয়মান শিল্পী সকলে । উক্ত গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী সমূহৰ সফল ৰূপায়নৰ বাবে আজি বটদ্ৰৱাত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই ভকত বৈষ্ণৱ, শিল্পীৰ লগত আলোচনাত মিলিত হয় ।

Advertisment

আলোচনাৰ অন্তত বৰাই "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত বৃন্দাবনৰ এক সম্পৰ্ক আছে । দৈব  ভূমি বৃন্দাবনত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ আৰম্ভণিতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ নামকীৰ্ত্তনৰ দ্বাৰা শুভাৰম্ভ কৰি পৰবৰ্তী সময়ত আমি কাৰ্যসূচী আগুৱাই নিম । আজি বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সেৱা আগবঢ়াই গুৰুজনাৰ কৰ্ম, চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপনৰ নিমিত্তে কৰা প্ৰয়াসৰ বাবে তেৰাৰ চৰনত সেৱা নিবেদন কৰিছোঁ" বুলি মন্তব্য প্ৰদান কৰে ।

উল্লেখ্য যে, বটদ্ৰৱাৰ উপৰিও বৰপেটা, শিৱসাগৰ, গুৱাহাটী, দৰং, যোৰহাট, ডিব্ৰুগড়, কামৰুপ, লক্ষীমপুৰৰ চাৰি শতাধিক ভকত বৈষ্ণৱ, শিল্পী, কলা কুশলী, গৱেষক পণ্ডিতৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া সূত্ৰধাৰৰ কাৰ্যসূচীত গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ উপৰিও ওজাপালি, হোলিগীত, হোলি নৃত্য, ভোৰতাল নৃত্য, হুচৰি কীৰ্তন আৰু দুটা দিনত দুখন আলোচনাচক্ৰ অনুষ্ঠিত হব।

assam uttar pradesh