চামগুৰিত অঘটন : ৫০০ কংগ্ৰেছ নেতা-কৰ্মীৰ অগপত যোগদান…

চামগুৰিত অঘটন : ৫০০ কংগ্ৰেছ নেতা-কৰ্মীৰ অগপত যোগদান…
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও : চামগুৰি বিধানসভা সমষ্টিত ৰাজনৈতিক দিশত অঘটন ৷ কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি অহা কেবাজনো নেতাৰ অগপত যোগদান ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰিত কংগ্ৰেছৰ নেতাই অগপত যোগদান কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

জানিব পৰা মতে কংগ্ৰেছৰ দলটোক নেতৃত্ব প্ৰদান কৰিছে আবু বক্কৰ চিদ্দিক নামৰ যুব নেতাজনে ৷ বক্কৰ হৈছে লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৷ বিগত সময়ত সংখ্যালঘূ বসতি প্ৰধান লাওখোৱা ব্লক কংগ্ৰেছ এলেকাত আবু বক্কৰ চিদ্দিকে নেতৃত্ব প্ৰদান কৰি আহিছিল ৷

চিদ্দিকৰ নেতৃত্বতে দেওঁবাৰে নিশা প্ৰায় ৫০০ পঞ্চায়ত প্ৰতিনিধি, দলীয় নেতা-কৰ্মীয়ে অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্হ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্হিতিত আঞ্চলিক দলটোত যোগদান কৰে ৷ কলিয়াবৰ বিধান পৰিষদৰ কুঁৱৰীটোল স্হিত কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in