/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ , নগাঁও : কৰ্মসংস্থাপনৰ বাবে নগাঁৱৰ পৰা যোৱা প্ৰায় ৫০ জন লোকক অন্ধপ্ৰদেশত বন্দী কৰি ৰখাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ বিগত চাৰি দিন ধৰি এখন হোটেলত বন্দী কৰি ৰখা হৈছে অন্ধপ্ৰদেশত ৷ বন্দী হৈ থকা লোকে টেলিফোন যোগে ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷
নগাঁও , মৰিগাঁও , লক্ষীমপুৰ আদিৰ পৰা বিভিন্ন এজেন্টে অন্ধপ্ৰদেশত কাম কৰিবৰ কাৰনে বিভিন্ন লোকক প্ৰেৰণ কৰে ৷ এই লোক সকলক নগাঁও চহৰলৈ আনি চাৰি দিন পূৰ্বে অন্ধপ্ৰদেশলৈ বাছ যোগে প্ৰেৰণ কৰা হৈছিল ৷ বাছেৰে বহি:ৰাজ্যখনলৈ যাবলৈ ৫০ জন লোকে নগাঁৱত ৩৫০০ শ টকাকৈ এজেন্টক আদায়ো দিছিল ৷
নগাঁও চহৰৰ ধিঙ গেইটত থকা বাছ আস্হানৰ পৰা গাড়ীত যোৱা লোকসকলক অন্ধপ্ৰদেশ পোৱাৰ পিছত বন্দী কৰা হয় ৷ শ্ৰমিক হিচাপে যোৱা এই সকল লোকে নগাঁৱত এজেন্টক গাড়ী ভাড়া আদায় দিছিল যদিও সেই এজেন্টে গাড়ীৰ পৰিচালকক ভাড়াৰ ধন আদায় নিদিয়াতে সকলো শ্ৰমিৰৰ পন বন্দী কৰে ৷
ইফালে ভাড়াৰ ধন গাড়ীৰ পৰিচালকে আদায় নোপোৱাত ৫০ জনকৈ লোকক এনেদৰে বন্দী কৰি ৰখাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অন্ধপ্ৰদেশলৈ শ্ৰমিক হিচাপে লৈ যোৱা এজেন্ট সকলৰো বৰ্তমান কোনো সন্ধান নাই ৷ হোটেলৰ কোঠাত বন্দী হৈ থকা লোক সকলে বিগত চাৰি দিনে খাবলৈ নাপায় অনাহাৰে থাকিব লগা হৈছে ৷
জানিব পৰা মতে অন্ধপ্ৰদেশ , কেৰেলা আদিলৈ নগাঁৱৰ পৰা পোনপতীয়া বাছ সেৱা আছে ৷ ইয়াৰ পৰা বিভিন্ন এজেন্টে কাম কৰিবৰ বাবে শ্ৰমিক প্ৰেৰণ কৰে ৷ শ্ৰমিক প্ৰেৰণ কৰাৰ নামত এজেন্ট সকলে এক মোটা অংকৰ ধন আদায় কৰে বহি:ৰাজ্য দুখনৰ পৰা ৷ এই এজেন্ট সকলে বিভিন্ন সময়ত বিভিন্ন আইনবিৰোধ কাৰ্য সংঘটিত কৰি আহিছে যদিও আৰক্ষী বা প্ৰশাসনে এই এজেন্ট সকলৰ ক্ষেত্ৰত কোনো ব্যৱস্হা গ্ৰহণ নকৰে ৷ যাৰ বাবে ৫০ জনকৈ অসমৰ লোক অন্ধপ্ৰদেশৰ হোটলত বন্দী হৈ থাকিব লগা হৈছে ৷ জানিব পৰা মতে বন্দী হৈ থকা সকলৰ মাজত দুগৰাকী মহিলাও আছে ৷