মৈৰাবাৰী আৰক্ষীৰ জালত ৫ জনকৈ কুখ্যাত জুৱাৰী

বুধবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে বহলাৰমুখ গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পাছ জনকৈ জুৱাৰী।

author-image
Asomiya Pratidin
New Update
মৈৰাবাৰী আৰক্ষীৰ জালত ৫ জনকৈ কুখ্যাত জুৱাৰী

arrested 5

ডিজিটেল সংবাদ, মৈৰাবাৰী: বুধবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে বহলাৰমুখ গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পাছ জনকৈ জুৱাৰী।মৈৰাবাৰী থানাৰ অন্তৰ্গত বহলাৰমুখ গাঁৱৰ হালিমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰত জুৱা খেলি থকা অৱস্থাত হাতে লোটে জুৱাৰী কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ টা মোবাইল ফোন,এখন বাইক,নগদ পোন্ধৰ হেজাৰ টকা আৰু টাছ-পাত জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটিয়ে।

Advertisment

গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজন ক্ৰমে-লোচনাৱৰী গাঁৱৰ মইনুল হক,বহলাৰ মুখৰ দিল আহমেদ আছাদ,হাবিজুল ইছলাম,ইজাজোল ইছলাম আৰু বেলবৰী গাঁৱৰ ৰফুল আলম।

উল্লেখ্য যে বহলাৰমুখ গাঁৱৰ কুখ্যাত হালিমা খাতুনে বহু দিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি চলাই আহিছিল জুৱা খেল।গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজনক বৰ্তমান মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ পোচ অব্যাহত ৰখাৰ লগতে অঞ্চলটোৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত অপৰাধী সকলক সকীয়নী প্ৰদান কৰে।

assam Assam police gamblers