৪৮ শতাংশ হ্ৰাস পাইছে অপৰাধমূলক ঘটনা! জনালে গুৱাহাটী আৰক্ষীয়ে…

৪৮ শতাংশ হ্ৰাস পাইছে অপৰাধমূলক ঘটনা! জনালে গুৱাহাটী আৰক্ষীয়ে…

ডিজিটেল ডেস্ক : গুৱাহাটী আৰক্ষীয়ে প্ৰকাশ কৰিলে এক সুখবৰ । যোৱাটো বছৰৰ পৰা চহৰখনত ৪৮ শতাংশ হ্ৰাস পাইছে অপৰাধমূলক ঘটনা । অসম আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, বিগত ৭টা মাহত ১০১২ টা চুৰিৰ গোচৰ আৰু ৯৪৭ টা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈছিল চহৰখনত । কিন্তু এই সংখ্যাই চুৰি গোচৰ ৪১ শতাংশ আৰু প্ৰৱঞ্চনাৰ গোচৰ ৫ শতাংশ হ্ৰাস হোৱা সূচায় । ইয়াৰ ওপৰিও ডকাইতিৰ ক্ষেত্ৰটো ৪৭ শতাংশ আৰু যান-বাহনৰ ক্ষেত্ৰত ২৮ শতাংশ হ্ৰাস পাইছে অপৰাধ । আনহাতে আকৌ বৃদ্ধি পাইছে হত্যা আৰু মাদক দ্ৰৱ্য সংক্ৰান্তীয় গোচৰৰ সংখ্যা । ২০২২ বৰ্ষৰে জানুৱাৰীৰ পৰা জুলাই মাহলৈ ৩৭ টা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল গুৱাহাটীত ।

এই সকলো তথ্যৰ মাজত আন এক প্ৰশ্ন উত্থাপন হৈছে এই গোচৰবোৰত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ মহন্তই সংবাদ মাধ্যমৰ আগত সৰু-সুৰা বিবাদসমূহ ৰুজু নকৰাকৈয়ে আৰক্ষীক সমাধান কৰিবলৈ আহ্বান জনাইছিল । তেনে স্থলত অপৰাধ হ্ৰাস হোৱাৰ প্ৰতিবেদন দাখিল কৰিবলৈ গোচৰ সমূহ ৰুজু কৰাৰ পৰাই বিৰত আছিল নেকি গুৱাহাটী আৰক্ষী ।
সঘনাই বৃদ্ধি পোৱা হত্যাকাণ্ড সমূহে নাগৰিকৰ মনত ভীতিৰ সৃষ্টি কৰাৰ সময়তে অপৰাধমূলক ঘটনা হ্ৰাস পাইছে নে কেৱল ৰুজু হোৱা গোচৰৰ সংখ্যা হে হ্ৰাস পাইছে সেইয়া মন কৰিবলগীয়া ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in