'বড়ো ৰাইটাৰ্চ একাডেমী'ৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

'বড়ো ৰাইটাৰ্চ একাডেমী'ৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

author-image
Asomiya Pratidin
New Update
'বড়ো ৰাইটাৰ্চ একাডেমী'ৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ চিৰাং জিলাৰ কাজলগাৱঁত 'বড়ো ৰাইটাৰ্চ একাডেমী'ৰ উদ্যোগত সংস্থাৰ কাজলগাওঁস্থিত মুখ্য কাৰ্যালয়ত ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈকে পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কাৰ্যসূচীৰ আজি চতুৰ্থদিন । অনুষ্ঠানৰ চতুৰ্থ দিনৰ কাৰ্যসূচী অনুসৰি বড়ো সমাজৰ বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক নন্দেশ্বৰ দৈমাৰীৰ জীৱন শৈলীৰ ওপৰত এক আলোকপাত কৰা বাবে গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয় ।

Advertisment

বড়ো ৰাইটাৰ্চ একাডেমী'ৰ প্ৰাক্তন সভাপতি ৰাখাউ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি নন্দেশ্বৰ দৈমাৰীৰ ওপৰত তেখেতৰ কৰ্মজীৱনৰ বিষয বহৈচাৰ ব্ৰহ্মই প্ৰস্তুত কৰা সংক্ষিপ্ত জীৱনী আলোকপাত কৰে সহকাৰী সম্পাদক ৰজেন নাৰ্জাৰীয়ে । আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ড° সুবুংছাৰ মুছাহাৰীৰ সভাপতিত্বত আন এখন অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

এই সভাত ৰাজ্যখনৰ বিভিন্ন ঠাইতৰ পৰা অহা লেখক সাহিত্যিক সকলে নিজৰ স্বৰচিত কবিতা, চুটি গল্প আদি পাঠ কৰাৰ উপৰিও তিনি লেখকৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় । উল্লেখযোগ্য যে বড়ো ৰাইটাৰ্চ একাডেমী'ৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণিৰ দিনা অহা কালিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱা, কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক বৰুৱা কান্ত ব্ৰহ্ম আদি উপস্থিত থাকিব ।

বড়ো কাজলগাওঁ চিৰাং