অৰুণাচলত জীৱন্তে উদ্ধাৰ হোৱা ৪ শ্ৰমিকৰ ২ জন কোকৰাঝাৰৰ বুলি সন্দেহ…

অৰুণাচলত জীৱন্তে উদ্ধাৰ হোৱা ৪ শ্ৰমিকৰ ২ জন কোকৰাঝাৰৰ বুলি সন্দেহ…

author-image
asomiyapratidin
New Update
অৰুণাচলত জীৱন্তে উদ্ধাৰ হোৱা ৪ শ্ৰমিকৰ ২ জন কোকৰাঝাৰৰ বুলি সন্দেহ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: অৰুণাচল প্ৰদেশত সন্ধানহীন অসমৰ ১৯ শ্ৰমিকৰ ৪ গৰাকীক জীৱন্তে উদ্ধাৰ।
উদ্ধাৰ হোৱা চাৰি গৰাকী শ্ৰমিকৰ দুগৰাকী শ্ৰমিক কোকৰাঝাৰ জিলাৰ বগুলাউৰাৰ বুলি সন্দেহ ।

Advertisment

উদ্ধাৰ হোৱা চাৰি শ্ৰমিকৰ ভিতৰত বগুলাউৰাৰ গাওঁৰ মাজিদুল আলী আৰু মনোৱাৰ হুছাইন থকাৰ সন্দেহ কৰা হৈছে ।

অৰুণাচল প্ৰদেশৰ কৰুং-কুমেই জিলাত ভাৰত-চীন সীমান্তৰ পথ নিৰ্মাণত কৰ্মৰত আছিল শ্ৰমিক কেইজন। বিগত দুই মাহৰ পৰা সন্ধানহীন হৈ আছে কোকৰাঝাৰ জিলাৰ বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকী শ্ৰমিক। বৰ্তমানেও প্ৰায় সন্ধানহীন প্ৰায় ১৫ জন শ্ৰমিকৰ।

আৰু পঢ়ক: অসম যুৱ অলিম্পিকত অঘটন, চাইক্লিং ট্রেকত খেলুৱৈক খুন্দিয়ালে বাইকে

assam kokrajhar arunachal missing