বিষাক্ত কাঠফুলা খাই মাতৃ-পুত্ৰসহ ৪ জনৰ মৃত্যু…

বিষাক্ত কাঠফুলা খাই মাতৃ-পুত্ৰসহ ৪ জনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
গোলাঘাটত জুইত জাহ গ’ল এটা ঘৰ, এখন স্কুটী…

ডিজিটেল সংবাদ: সোণাৰিত বিষাক্ত কাঠফুলা ভক্ষণ কৰা মাতৃ-পুত্ৰসহ চাৰিজনৰ মৃত্যু। মৃত সকলৰ নাম ক্ৰমে ৰিমা কৰ্মকাৰ ( ৩৫ ) তেওঁৰ পুত্ৰ অজয় কর্মকাৰ (১০) ,ছয়নিকা কর্মকাৰ (১২) আৰু জোনাকী প্ৰজা (৩২) বুলি জানিব পৰা গৈছে ।

Advertisment

উল্লেখ্য যে সোণাৰিৰ পাশ্বৱৰ্তী ২ নং লালতিপথাৰ গাঁৱত যোৱা ৬ এপ্ৰিলত দুটি শিশুসহ ৮ গৰাকী লোকে বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছিল । পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাতে আক্রান্তসকলৰ এই দুই মহিলা আৰু দুটি শিশুয়ে মৃত্যুক সাৱটি লয় ।

ইফালে তাতেই চিকিৎসাধীন হৈ থকা বাকী সকলৰো অৱস্থা সংকটজনক আৰু তেওঁলোকে মৃত্যুৰ সৈতে যুজঁ দি থকা বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক: অপৰাধৰ ঘাটিলৈ পৰিণত মহানগৰী, পুনৰ উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ…

assam sonari food poisoning