/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/CRIMINAL-CANDIDATE.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব দেশৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে নিৰ্বাচন আয়োগৰ লগতে প্ৰশাসনে। দেশৰ মুঠ ৯৬ টা সমষ্টিত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত ৫ টা সমষ্টি অসমৰ। উল্লেখ্য যে, মুঠ ৯৭টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু ত্ৰিপুৰাৰ এটা সমষ্টিত নিৰাপত্তাজনিত কাৰণত ১৮ এপ্ৰিলৰ পৰিৱৰ্তে ২৩ এপ্ৰিলতহে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।
অসমৰ নগাঁও, শিলচৰ, মঙ্গলদৈ, ডিফু আৰু কৰিমগঞ্জত অনুষ্ঠিত হ'ব ১৮ এপ্ৰিলৰ ভোটগ্ৰহণ। মঙলবাৰে এই সমষ্টিকেইটাৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৫টা সমষ্টিত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব ৫০ গৰাকী প্ৰাৰ্থীৰ। ইয়াৰে ৩গৰাকী মহিলা, ১৯জন নিৰ্দলীয় প্ৰাৰ্থী। অসমৰ মুঠ ৫টা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৫০ গৰাকী প্ৰাৰ্থী। ইয়াৰে ১৯জন প্ৰাৰ্থী নিৰ্দলীয় বুলি জানিব পৰা গৈছে।
নিৰ্বাচনৰ সময় সূচী ঘোষণা কৰাৰ সময়ত আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীকে তেওঁলোকৰ অপৰাধমূলক কাৰ্যৰ সম্পৰ্কত সংবাদ মাধ্যমত বিজ্ঞাপন দিয়াৰ বাবে নিৰ্দেশ দিছিল যদিও এই সময়ৰ লৈকে কোনো এজন প্ৰাৰ্থীয়ে এই নিৰ্দেশ মানি চলা দেখা পোৱা নাই। ইফালে বৃহস্পতিবাৰে ভোটগ্ৰহণ হ'বলগীয়া সমষ্টি কেইটাৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ ২৬ গৰাকী প্ৰাৰ্থী আৰু ২৪ গৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ অথবা তাতকৈও কম অৰ্হতাৰ। স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীসকল হৈছে কংগ্ৰেছৰ মঙলদৈৰ প্ৰাৰ্তী ভুৱনেশ্বৰ কলিতা, শিলচৰৰ প্ৰাৰ্থী সুস্মিতা দেব, নগাঁৱৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, ডিফুৰ প্ৰাৰ্থী বীৰেনছিং ইংতিৰ লগতে শিলচৰৰ বিজেপি প্ৰাৰ্থী ডঃ ৰাজদ্বীপ ৰয়।
মন কৰিবলগীয়া যে, মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছৰ ৪ গৰাকী প্ৰাৰ্থীৰ বিপৰীতে বিজেপিৰ এগৰাকী প্ৰাৰ্থীহে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪ গৰাকী প্ৰাৰ্থীয়েই স্নাতক ডিগ্ৰীধাৰী নহয়।
বৰ্তমান ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত চাৰিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আদালতত চলি আছে গোচৰ। সেই লৈ বিশেষ চৰ্চা হোৱা নাই যদিও প্ৰাৰ্থীসকলে নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা নথিত প্ৰকাশ পাইছে এই কথা। ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে', নগাওঁ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সহদেব দাস, কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী স্বৰুপ দাস, শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ বিৰুদ্ধে আছে গোচৰ। কিন্তু প্ৰাৰ্থীকেইগৰাকীয়ে এতিয়ালৈকে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মানি কোনো বাতৰি কাকত অথবা সংবাদমাধ্যমত দিয়া নাই বিজ্ঞাপন।
হত্যা, অপহৰণ, ধন দাবী, ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, ৰাষ্ট্ৰদোহ ইত্যাদি কেইবাটাও গোচৰত অভিযুক্ত হৈ আছে ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বে'। বে'ৰ বিৰুদ্ধে আছে ডিফু আৰক্ষী থানাত ২টা গোচৰ। তাৰে এটা হৈছে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৬৫/৩৪/৩৬৮/৩৬৪/১২০(বি)১২১/১২২/১২৩ নং ধাৰাত ৪৩/৯৭ ত। ঠিক তেনেদৰে আন এটা গোচৰ হৈছে ভাৰতীয় দণ্ডবিধিৰি ৪৪৮/৩৬৪(এ)/৩৪/১২০(বি)/১২০(এ)/১২২/১২৩/৩৬৮/৩০২(১-০ আৰ্মছ এক্ট) নং ধাৰাত ১৯৩/৯৭ ত।
কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী স্বৰূপ দাসৰ বিৰুদ্ধে ২০১৯ বৰ্ষত কাটলিচেৰা আৰক্ষী থানাত ৰুজু হৈছিল এটা গোচৰ।
নকল নথি-পত্ৰ ব্যৱহাৰকাৰী তথা জালিয়াতিৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডিবিধিৰ ১৯৬/৩৭০/৩৭১ নং ধাৰাত ৯২/১৯ নম্বৰত ৰুজু হৈ আছে গোচৰ। উল্লেখ্য যে, বৰ্তমানো এই গোচৰ চলি আছে বুলি জানিব পৰা গৈছে।
শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ বিৰুদ্ধেও ৰুজু হৈ আছে এটা গোচৰ। অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত শিলচৰ হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি। সমষ্টিটো দখল কৰিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে কংগ্ৰেছ আৰু বিজেপি মিত্ৰঁজোট। সমষ্টিটোত দুয়োটা দলে থিয় কৰাইছে দুগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থী। ইফালে এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই এন পি পি দলো। শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ বিৰুদ্ধে ৩০৩/২০১০ নম্বৰত ৰুজু হৈ আছে এক গোচৰ। পৰিবেশ সুৰক্ষা আইন ১৯৮৬ আৰু পৌৰসভাৰ কঠিন জাৱৰৰ তথ্য যোগানত অৱজ্ঞা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ।
ইফালে আন এগৰাকী অন্যতম চৰ্চিত প্ৰাৰ্থী হৈছে নগাঁও লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী সহদেব দাস। চিলাপথাৰৰ আছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ কাণ্ডত জড়িত আছিল এইজন নেতা। চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাসৰ সংগী আছিল সহদেব দাস। ধেমাজি ছেছন আদালতত এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে চলি আছে গোচৰ। উল্লেখ্য যে, তেওঁৰ বিৰুদ্ধে আছে বে-আইনীভাৱে সংগঠিত হোৱা বিনা অনুমতিত আনৰ সম্পত্তিত প্ৰৱেশ, হত্যাৰ ভাবুকি আৰু সম্পত্তি ধ্বংসৰ গোচৰ।
বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়াসকল। ইয়াৰ লগতে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোট কেন্দ্ৰ সমূহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us