/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/c9a78aa1-04e0-4ace-8b57-729068cbd093.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
অসমত অন্ত পৰিল লোকসভা নিৰ্বাচন। তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ ৪ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ল। দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণ ভাৱে পাৰ হ'ল অসমৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনী বতাহ অন্ত পৰাৰ পাছত এতিয়া প্ৰায় এমাহজোৰা অপেক্ষা। এতিয়াও দেশত বাকী আছে আৰু ৪টা পৰ্যায়ৰ নিৰ্বাচন। ২৯ এপ্ৰিলত ৪তুৰ্থ পৰ্যায়ত ৭১ টা সমষ্টিত, ৬ মে'ত ৫১ টা সমষ্টিত, ১২ মে'ত ৫৯ টা সমষ্টিত আৰু ১৯ মে'ত ৫৯ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।
২৩ মে'ত দেশজুৰি অনুষ্ঠিত হ'ব ভোটগণনা। ৭টা পৰ্যায়ত অনুষ্ঠিত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়তে সৰ্বাধিক ১১৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ১১ এপ্ৰিলত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৯১টাত আৰু ১৮ এপ্ৰিলৰ নিৰ্বাচনত ৯৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
প্ৰথম দুই পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫টাকৈ মুঠ ১০টা সমষ্টিত আৰু তৃতীয় পৰ্যায়ত ৪টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। ১১ এপ্ৰিলৰ নিৰ্বাচনত দেশত ৬৯.০৪ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.২২ শতাংশ। সৰ্বাধিক ভোটদান হৈছিল এই পৰ্যায়ৰ নিৰ্বাচনত পশ্চিম বংগত। সেই হাৰ আছিল ৮৩.৭৯ শতাংশ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৯৫টা লোকসভা সমষ্টিত দেশজুৰি ভোটদানৰ হাৰ আছিল ৬৯.৪৩ শতাংশ। সেই নিৰ্বাচনত অসমত ৭৬.২২ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। সেইবাৰ সৰ্বাধিক ভোটদান হৈছিল পুডুচেৰীত। মুঠ ৭৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৰাজ্যখনত অনুষ্ঠিত এই নিৰ্বাচনত।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত এতিয়ালৈকে অহা তথ্য অনুসৰি অসমত ৮০.৭৪ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। দেশজুৰি এই ভোটদানৰ হাৰ আছিল ৬৩.২৪ শতাংশ। তৃতীয় পৰ্যায়ত ৰাজ্যৰ ৪ সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰ-
১. ধুবুুৰীত- ৮৬.৯৪ শতাংশ।
২. কোকৰাঝাৰত- ৭৭.৩৮ শতাংশ।
৩. বৰপেটাত- ৭৮.১১ শতাংশ।
৪. গুৱাহাটীত- ৮০.২০ শতাংশ।
দেশৰ আন সমষ্টিৰ লগতে অসমৰ ৪ সমষ্টিত মঙলবাৰে অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণৰ ফলাফল কি হ'ব, তাক লৈ এতিয়া চৰ্চা চলিছে। বৰপেটা লোকসভা সমষ্টিত এইবাৰ মূল যুঁজ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ মাজতে হ'ব বুলি ভোটদানৰ অন্তত অনুমান কৰা হৈছে।
সমষ্টিটোৰ জন বিন্যাসলৈ চাই আব্দুল খালেকেই শেষ হাঁহি মৰাৰ সম্ভাৱনা নথকা নহয়। এইবাৰ নিৰ্বাচনত এই সমষ্টিটোত মুঠ ১৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে এজন আছিল নিৰ্দলীয় প্ৰাৰ্থী। বাকী প্ৰাৰ্থী সকলৰ প্ৰভাৱ নিৰ্বাচনত বিশেষ পৰিলক্ষিত নহ'ল। অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ প্ৰতিদ্বন্দ্বিতা হ'ব।
ধুবুৰী লোকসভা সমষ্টিত মুঠ ১৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও এই সমষ্টিটোত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ জয়ৰ সম্ভাৱনা অধিক বুলি বিভিন্ন সূত্ৰই দাবী কৰিব খোজে। অসম গণ পৰিষদৰ প্ৰাৰ্থী, জাবেদ ইছলাম, কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ সৈতে সমষ্টিটোত প্ৰতদ্বন্দ্বিতা হ'ব বদৰুদ্দিন আজমলৰ।
ধুবুৰী লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী অগপ প্ৰাৰ্থী জাবেদ ইছলামেও যথেষ্ট সংখ্যক ভোট লাভ কৰাৰ সম্ভাৱনা আছে। সমষ্টিটোৰ ১৩ জন প্ৰাৰ্থীৰ ভিতৰত ৫ জন প্ৰাৰ্থীয়ে আছিল নিৰ্দলীয়। নিৰ্দলীয় ৫ প্ৰাৰ্থী আছিল ক্ৰমে- অনামিকা সৰকাৰ, উত্তম কুমাৰ ৰায়, মীৰ হুছেইন সৰকাৰ, ৰুকুনুৰ জামান আৰু শুকুৰ আলী।
কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনী যুঁজ অতি আকৰ্ষণীয় হৈ পৰিছে। বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই অগপ আৰু বিজেপিৰ সমৰ্থন লাভ কৰিলেও এই সমষ্টিত চিপিআই প্ৰাৰ্থী বিৰাজ ডেকাই যথেষ্ট ভোট লাভ কৰিব। মুঠ ৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল এই সমষ্টিটোত। ইউপিপিএলৰ প্ৰাৰ্থী ৰূপে উৰ্খাও গৌড়া ব্ৰহ্ম, কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা নিৰ্বাচনী যুঁজৰ দৌৰত থাকিলেও সমষ্টিটোত বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ জয়ৰ সম্ভাৱনাই অধিক।
মন কৰিবলগা যে, কোকৰাঝাৰ সমষ্টিত প্ৰায় ১৬ লক্ষাধিক ভোট আছে। ইয়াৰে ৩ লাখ ৮৭ হাজাৰ ভোটাৰেই ধৰ্মীয় সংখ্যালঘু। সমষ্টিটোত বড়ো ভোটাৰৰ সংখ্যা ৩ লাখ ৭৭ হাজাৰ। কোচ ৰাজবংশী ১ লাখ ২২ হাজাৰ, বঙালী ২ লাখ ৩ হাজাৰ, অনাবড়োৰ ১ লাখ ৩০ হাজাৰ ভোট আছে এই সমষ্টিটোত। আদিবাসী ভোটাৰৰ যথেষ্ট সংখ্যক ভোট নৱ শৰণীয়াই লাভ কৰা বুলি অনুমান কৰা হৈছে। সেয়া হ'লে উৰ্খাও গৌড়া ব্ৰহ্ম, প্ৰমিলা ৰাণী ব্ৰহ্মক পিছত থৈ কোকৰাঝাৰৰ পৰা লোকসভালৈ নৱ কুমাৰ শৰণীয়াই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈ গ"লে আচৰিত হ'ব লগা একো নাথাকিব।
কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক এই সমষ্টিটোত বিশেষ শক্তিশালী প্ৰাৰ্থীৰূপে গণ্য নকৰিলেও কিছু ভোট শব্দ ৰাম ৰাভায়ো লাভ কৰিব। কিন্তু সেই ভোটেৰে তেওঁ মূল প্ৰতিদ্বন্দ্বিতালৈ যাব নে নাই তাত সন্দেহৰ অৱকাশ ৰৈ যায়। এই সমষ্টিটোত এইবাৰ ৩ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোক ক্ৰমে- নৱ কুমাৰ শৰণীয়া, প্ৰসেনজিৎ কুমাৰ দাস আৰু ৰঞ্জয় কুমাৰ ব্ৰহ্ম।
অসমবাসীৰ বিশেষ দৃষ্টি নিবদ্ধ থকা সমষ্টি হ'ল গুৱাহাটী লোকসভা সমষ্টি। এইবাৰ নিৰ্বাচনত মুঠ ১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে গুৱাহাটীৰ পৰা। ইয়াৰে ৬ গৰাকী হ'ল নিৰ্দলীয় প্ৰাৰ্থী। তেওঁলোক ক্ৰমে- আলীমুদ্দিন আহমেদ, উপমন্যু হাজৰিকা, উৎপল বৰগোহাঁই, জোণমণি দেৱী খাউণ্ড, ফাৰুক আহমেদ ভূঞা, চাংখা সিনহা।
সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ মাজতে মূল নিৰ্বাচনী যুঁজ অনুষ্ঠিত হৈছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বকো, ছয়গাঁও আদি অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিলেও মূল গুৱাহাটীত ববিতা শৰ্মাতকৈ কুইন ওজা আগবাঢ়ি আছে বুলি অনুমান কৰা হৈছে।
জালুকবাৰী বিধানসভা সমষ্টিতো কুইন ওজাই গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিব। কংগ্ৰছৰ দুৰ্বল প্ৰচাৰ, প্ৰাৰ্থী নিৰ্বাচনক লৈ হোৱা বিতৰ্ক আৰু সমষ্টিটোত কংগ্ৰেছ নেতৃত্বই প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক ইছ্যু কৰি লৈ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই সমৰ্থকক লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল। গলিয়ে গলিয়ে ঘূৰি কেইবা লক্ষাধিক গোহাৰি পত্ৰ বিতৰণ কৰাৰ লগতে অট' ৰিক্সাৰে ৰোড শ্ব কৰিছিল হাজৰিকাই।
বিজেপিয়ে অন্তিম মুহূৰ্তত এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ ক্ষীপ্ৰতৰ কৰি তুলিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদ যাত্ৰাৰে ৰোড শ্ব' কৰি সমষ্টিবাসীক বিজেপি প্ৰাৰ্থী কুইন ওজাৰ প্ৰতি ভোটাৰক আকৃষ্টি কৰিবলৈ অন্তিম মুহূৰ্তলৈকে চেষ্টা কৰিছিল। যথেষ্ট সংখ্যক সচেতন ভোটাৰে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপি বিৰোধী স্থিতি লৈ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাক ভোটদান কৰা পৰিলক্ষিত হয়। কংগ্ৰেছৰ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজাৰ মাজত হোৱা এই নিৰ্বাচনী যুঁজত বিজেপিয়ে প্ৰাৰ্থীগৰাকীয়ে জয়ী হোৱাৰ পৰিৱেশ দেখা পোৱা গ'ল।
গুৱাহাটী সমষ্টিত আজি তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত বিধানসভা ভিত্তিক ভোটদানৰ হাৰ এনেধৰণৰ-
১. দুধনৈ- ৮৫.১২ শতাংশ।
২. বকো- ৮৩.৯০ শতাংশ।
৩. ছয়গাঁও- ৭৯.৬০ শতাংশ।
৪. পলাশবাৰী- ৮১.২০ শতাংশ।
৫. জালুকবাৰী- ৮১,৮৪ শতাংশ।
৬. দিছপুৰ- ৮১.০০ শতাংশ।
৭. গুৱাহাটী পূৱ- ৭২.৩৬ শতাংশ।
৮. পশ্চিম গুৱাহাটী- ৭৭.০০ শতাংশ।
৯. হাজো- ৮৩.২০ শতাংশ।
১০. বৰক্ষেত্ৰী- ৭৯.৪১ শতাংশ।
৪ সমষ্টিৰ নিৰ্বাচনৰ প্ৰেক্ষাপট বিচাৰ কৰিলে বৰপেটা সমষ্টিত কংগ্ৰেছ, গুৱাহাটীত বিজেপি, কোকৰাঝাৰত নিৰ্দলীয় আৰু ধুবুৰীত এআইইউডিএফৰ প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনাই অধিক। অৱশ্যে সেই ফলাফল জানিবলৈ অপেক্ষা কৰিব লাগিব ২৩ মে'লৈ।