তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিওটা সমষ্টিতেই হ’ব কেইবাকোণীয়া প্ৰতিদ্বন্দ্বিতা

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিওটা সমষ্টিতেই হ’ব কেইবাকোণীয়া প্ৰতিদ্বন্দ্বিতা

author-image
asomiyapratidin
New Update
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিওটা সমষ্টিতেই হ’ব কেইবাকোণীয়া প্ৰতিদ্বন্দ্বিতা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিৰ্ধাৰিত ৫টা সমষ্টিতেই শান্তিপূৰ্ণভাৱে পাৰ হৈ গ'ল যদিও, এই নিৰ্বাচনত কোন দলৰ প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ লাভ কৰিব সেয়া এতিয়াও ধূসৰ। অভাৱনীয়ভাৱে নিৰ্বাচনত বৃহৎ সংখ্যক ভোটাৰে কেওটা সমষ্টিতেই ভোটদান কৰিছে যদিও, ভোটাৰৰ সংখ্যাতকৈ কাক লাভৱান কৰিব সেই লৈ প্ৰাৰ্থীসকলৰ লগতে সংশ্লিষ্ট দলসমূহো এতিয়াও ১০০ শতাংশ স্পষ্ট হ'ব পৰা নাই। ইয়াৰ মাজতে সচেতন একাংশ ভোটাৰ তথা পৰ্যবেক্ষকৰ মতে, নগাঁও সমষ্টিকে ধৰি কমেও তিনিটা সমষ্টিত এইবাৰ নভবাকৈয়ে নোটা ভোটাৰৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাব। ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰাৰ্থীৰ হাৰ-জিতৰ অংকটো আওল লাগিব পাৰে আৰু বিজয়ী আৰু পৰাজিতৰ মাজত ভোটৰ ব্যৱধান তেনেই সীমিত হ'ব বুলিও এই সকলে মত প্ৰকাশ কৰিছে।

পিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতকৈও আকৰ্ষণীয় হ'ব অহা ২৩ এপ্ৰিল তাৰিখে ৪টা সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব তথা নিৰ্বাচনী অংক। উল্লেখ্য যে, ২৩ এপ্ৰিলত ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰৰে ধুবুৰী সমষ্টিটোত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতা হোৱাৰ কথা অনানুষ্ঠানিকভাৱে এক প্ৰকাৰ ঘোষণা কৰা হৈছিল যদিও, শেষ মুহূৰ্তত কংগ্ৰেছ দলে আবু তাহেৰ বেপাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ঘটনাই এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলক বাৰুকৈয়ে ক্ষুণ্ণ কৰি তোলে।

ইফালে, সমষ্টিটোত বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰভাৱশালী নেতা জাবেদ ইছলামে। অৱশ্যে সমষ্টিটোত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা আশা কৰা হ'লেও আবু তাহেৰ বেপাৰীয়ে বৰ্তমানলৈকে দি থকা দপদপনি ২৩ এপ্ৰিল পৰ্যন্ত বৰ্তি থাকিবগৈ নে নাই সেয়া কংগ্ৰেছ হাই কামাণ্ডৰ ওপৰত নিৰ্ভৰশীল। অসমৰ্থিত সূত্ৰৰ খবৰ মতে, শেষ সময়ত শাসক-বিৰোধী উভয় দলে ধুবুৰীত সাংসদ বদৰুদ্দিন আজমলক ৱাক-অভাৰ দিয়াৰ সম্ভাৱনা নোহোৱা নহয়। কিন্তু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সবাতোকৈ আকৰ্ষণীয় যুঁজ হোৱাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে বৰপেটা সমষ্টিত। কিয়নো ২০১৪চনৰ লোকসভা নিৰ্বাচনত উক্ত সমষ্টিৰ পৰা বিজয়ী হোৱা বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলে ব্যক্তিগত ব্যৱসায়িক কাৰণত স্বইচ্ছাৰে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰাৰ পাছত সমষ্টিটো এ আই ইউ ডি এফে আভ্যন্তৰীণ বুজা-বুজিৰ বাবেই কংগ্ৰেছ দলক এৰি দিয়া বুলি সকলোৱে প্ৰথম অৱস্থাত ধাৰণা কৰিছিল।

কিন্তু ধুবুৰী, কৰিমগঞ্জত কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতেই বৰপেটাতো ড০ হাফিজ ৰফিকুল ইছলামক এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব প্ৰদান কৰে। ইফালে, বিজেপিয়ে সমষ্টিটো মিত্ৰদল অগপক এৰি দিয়াত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আৰু বৰপেটাৰ জাতীয়তাবাদী শিবিৰৰ প্ৰভাৱশালী ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰো নেতা কুমাৰ দীপক দাসক অগপই সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছ দলে দুবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত অসমৰ সমাজ-সংস্কৃতিৰ সৈতেও জড়িত তথা পৰিচিত প্ৰাক্তন সাংবাদিক আব্দুল খালেকক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে। এনে পৰিপ্ৰেক্ষিতত বৰপেটাৰ নিৰ্বাচনী ৰণ এইবাৰৰ নিৰ্বাচনৰ সবাতোকৈ শক্তিশালী ৰণত যে পৰিণত হ'ব তাৰ সম্ভাৱনাও ইতিমধ্যে প্ৰকত হৈ পৰিছে।

কিয়নো কেওতা দলৰেই শীৰ্ষ নেতাসকল ইতিমধ্যে সমষ্টিটোত ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি সভাপতি ৰঞ্জিত দাস, অগপ সভাপতি অতুল বৰা, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ লগতে কংগ্ৰেছৰো শীৰ্ষ নেতাসকলে ইতিমধ্যে তাত আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান। ইফালে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ বাবে হোৱা ২০১৬ৰ নিৰ্বাচনত ৫টা সমষ্টি ক্ৰমে- চেঙা, সৰুক্ষেত্ৰী, বাঘবৰ, জনিয়া আৰু উত্তৰ অভয়াপুৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে অগপ দলে দখল কৰে বৰপেটা, পাটাচাৰকুছী, বঙাইগাঁও এই তিনিটা সমষ্টিৰ লগতে শাসকীয় বিজেপি দলৰ দখললৈ যায় ধৰ্মপুৰ সমষ্টি। সেই হিচাপত সমষ্টিটোত অন্তৰ্গত বিধানসভা সমষ্টিৰ বিচাৰেৰে চালে কেৱল দক্ষিণ অভয়াপুৰী সমষ্টিটোহে এ আই ইউ ডি এফৰ দখলত আছে।

এই সমষ্টিটো ২০১৬ৰ নিৰ্বাচনত মাত্ৰ ১৯৩টা ভোটৰৰ ব্যৱধানত কংগ্ৰেছৰ সদস্য চন্দ্ৰ কুমাৰ সৰকাৰৰ পৰাস্ত কৰি এ আই ইউ ডি এফৰ অনন্ত কুমাৰ মাল্লয়ে দখল কৰিছিল। সেইবাৰৰ নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ৫১,৫২৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৫১,৩৩৪টা আৰু অগপৰ ৰবীন মনিক্কই লাভ কৰিছিল ৫০,৯৫৭টা ভোট। সেই দিশৰ পৰা চাবলৈ গ'লে এ আই ইউ ডি এফৰ খুপনিত থকা উক্ত লোকসভা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ সমষ্টি দক্ষিণ অভয়াপুৰীত এ আই ইউ ডি এফৰ খুপনি মুঠেও মজবুত নহয়।

আনহাতে, উত্তৰ অভয়াপুৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল হায় নাগৰীয়ে সেই নিৰ্বাচনত ৪৮৩৫৪টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিছিল যদিও, পৰাজিত অগপৰ প্ৰাৰ্থী ভূপেন ৰায়ে লাভ কৰা ভোটৰ পৰিমান আছিল ৪৬২১২টা। অগপৰ দখলত থকা সমষ্টি কেইটাত আকৌ ছবিখন কিছু ওলোটা। উদাহৰণস্বৰূপে- বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰীয়ে লাভ কৰা ৭৭২৯২টা ভোটৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল ৪৫৯৭২টা ভোট। সেইদৰে পাটাছাৰকুছীত পবিন্দ্ৰ ডেকাই ৬৪৫৫৮টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ চৈলেন কলিতাই লাভ কৰিছিল মাত্ৰ ১২৫৮২টা ভোট। বৰপেটাত গুণিন্দ্ৰ নাথ দাসে লাভ কৰা ৬৩৫৬৩টা ভোটৰ বিপৰীতে পৰাজিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ৰহিম আহমেদৰ ভোট আছিল ৫৭৭৫৩টা।

অৱশ্যে সৰুক্ষেত্ৰীত জাকিৰ হুছেইন ছিকদাৰে ৭০০৬২টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বৰ্মনে লাভ কৰিছিল মাত্ৰ ৪৫৮১৫টা ভোট। সেইদৰে বাঘবৰত কংগ্ৰেছৰ ছেৰমান আলি আহমেদে ৭৩৩৪০টা ভোট পোৱাৰ বিপৰীতে দ্বিতীয় স্থানত থকা এ আই ইউ ডি এফৰ ভোটৰ সংখ্যা আছিল ২৯৯০৭টা। জনিয়াত আব্দুল খালেকে লাভ কৰা ৮৬৯৩০টা ভোটৰ বিপৰীতে এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৫৭১৯৪টা ভোট। চেঙাত কংগ্ৰেছ ছুকুৰ আলি আহমেদে ৫১৮৮২টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰা বিপৰীতে এ আই ইউ ডি এফৰ মানোৱাৰা খাতুনে লাভ কৰে মাত্ৰ ২৮৫২৫টা ভোট।

ধৰ্মপুৰত বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৭০৫০৩টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা নীলমণি সেন ডেকাই লাভ কৰে মাত্ৰ ৩৬৫৬০টা ভোট। বিগত বিধানসভা নিৰ্বাচনত দ্বিতীয় স্থানত থকা আৰু বিজয়ী প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান লক্ষ্য কৰিলে এই কথা স্পষ্ট হৈ পৰে যে- আজমলৰ ভাতৃ সাংসদ ছিৰাজুদ্দিন আজমলৰ দখলত থকা অৱস্থাতে বৰপেটাত দৰাচলতে এ আই ইউ ডি এফৰ ভেটি তেনেই নিসকটীয়া হৈ পৰে। ইয়াৰ বিপৰীতে সমষ্টিটোত কংগ্ৰেছ, অগপৰ ভেটি যে সমানে শক্তিশালী সেয়া নিশ্চিত। কিন্তু শেহতীয়াকৈ বদৰুদ্দিন আজমলে যিকোনো প্ৰকাৰে কংগ্ৰেছৰ সংখ্যালঘু ভোটাৰ প্ৰধান সমষ্টিটোত এ আই ইউ ডি এফৰ খোপনি পুনৰ মজবুত কৰি তোলাৰ লগতে কংগ্ৰেছক এশিকনী দিয়াৰ বাবে যদি সঁচাকৈয়ে সেই পৰ্যন্ত বৰ্তমানৰ স্থিতিত অটল থাকে তেনেহ'লে সমষ্টিটোৰ যুঁজখন পিছে তিনিকোণীয়া হৈ পৰাতো নিশ্চিত।

উল্লেখ কৰাৰ প্ৰয়োজন যে, ১৬,৬৫,৬৮১জন ভোটাৰ থকা উক্ত লোকসভা সমষ্টিৰ প্ৰায় ৯ লাখ ভোটাৰেই ধৰ্মীয় সংখ্যালঘু ভোটাৰ। ইফালে, বদৰুদ্দিন আজমলে যিমানেই চেষ্টা নকৰক ৫টাকৈ সমষ্টি নিজৰ দখলত ৰখা কংগ্ৰেছ দল বৰপেটাত বাৰুকৈয়ে যে শক্তিশালী সেয়া অতি স্পষ্ট। আনহাতে, দলটোৱে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকীয়েও সমানে শক্তিশালী। অৱশ্যে বৰপেটাৰ কৃষ্টি-সংস্কৃতিৰ লগতে সমাজ ক্ষেত্ৰৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত কুমাৰ দীপক দাসৰ প্ৰভাৱ পূৰ্বৰ দৰেই এতিয়াও অক্ষুণ্ণ আছে। ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মাজতো জনপ্ৰিয়তা আছে শিল্পী-অভিনেতা তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ দীপক দাসৰ। সেই দিশৰ পৰা বিচাৰ কৰি চাবলৈ হ'লে কংগ্ৰেছ এ আই ইউ ডি এফৰ মাজত যুঁজখন যিমানে শক্তিশালী হ'ব, সিমানে বিজেপিৰে মিত্ৰতা কৰি তিনিটাকৈ সমষ্টি লাভ কৰা অগপৰ প্ৰাৰ্থী হিচাবে একমাত্ৰ বৰপেটা সমষ্টিতে কুমাৰ দীপক দাসে শেষ হাঁহি মৰাৰ সম্ভাৱনাও বৃদ্ধি পাব।