আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ অন্তিম দিন...

ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ আজি অন্তিমটো দিন। আজি অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ অন্তিমটো পৰীক্ষা।

author-image
Asomiya Pratidin
New Update
আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ অন্তিম দিন...

ডিজিটেল ডেস্ক : ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ আজি অন্তিমটো দিন। আজি অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ অন্তিমটো পৰীক্ষা। ৮৭টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। কিন্তু পূৰ্বৰ দৰে কৰ্তন নহয় ইন্টাৰনেট সেৱা।

উল্লেখ্য যে যোৱা ২১ আগষ্টত অনুষ্ঠিত হৈছিল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পূৰ্বৰ দুয়োটি পৰীক্ষাতেই কৰ্তন কৰা হৈছিল ইন্টাৰনেট সেৱা।

আনহাতে, দেওবাৰ অৰ্থাৎ আজি অনুষ্ঠিত হ'বলগা তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাত ইন্টাৰনেট সেৱা কৰ্তন কৰা নহয় যদিও কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ'ব এই পৰীক্ষা। ১০ বজাৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা।

গাড়ী চালকৰ প্ৰায় ৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হ’ব এই লিখিত পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হ’ব প্ৰায় ৭০ হাজাৰ প্ৰাৰ্থী। সৰ্বাধিক গুৱাহাটীত ১০ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব।

assam himanta biswa sarma assam govt exam