আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা…

আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা…

author-image
asomiyapratidin
New Update
স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে দিব লাগিব প্ৰৱেশ পৰীক্ষা…

ডিজিটেল ডেস্ক: ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত তৃতীয় বৰ্গৰ খালী পদ সমূহ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ আজি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা। ৰাজ্যৰ ২৫ খন জিলাৰ ১৯০৩ টা পৰীক্ষা কেন্দ্ৰত ৮ লাখ ৫২ হাজাৰ ১৮১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত।

এই পৰীক্ষাৰ সময়চোৱাত সংশ্লিষ্ট জিলা কেইখনত বন্ধ থাকিব ইন্টাৰনেট সেৱা। ইয়াৰ পূৰ্বে ২১ আগষ্টত হৈ যোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়তো বন্ধ ৰখা হৈছিল ইন্টাৰনেট সেৱা।

আজি পুৱা ১০ বজাৰ পৰা ১২বজালৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থী আৰু ২ বজাৰ পৰা ৪ বজালৈ স্নাতক উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হ'ব পৰীক্ষা।

আৰু পঢ়ক: আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা জীৱন মৰাণৰ মৃত্যু…

assam exam