/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f9b148cf-8797-4edd-8b1f-4a887f147de1/drugs.jpg)
ডিজিটেল ডেস্ক: বিগত বছৰটোত ড্ৰাগছ, গৰুৰ পৰা কয়লা, চুপাৰী, কাঠ ,সোণ আদিৰ চোৰাং সৰবৰাহৰ বাবেই যেন বিখ্যাত আছিল। ম্যানমাৰৰ পৰা মিজোৰাম, কাছাৰ, মেঘালয় হৈ আৰু মন সীমান্তৰে ডিমাপুৰ, লামডিং হৈ গুৱাহাটীলৈ সোণ, চুপাৰী, গাঞ্জাৰ সৰবৰাহৰ সমান্তৰালভাৱে ধুবুৰী সীমান্তৰে বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ উপৰি উজনি অসমৰ পৰা বিশাল পৰিমাণৰ কয়লাৰ অবৈধ চালানৰ খবৰে সংবাদ মাধ্য়ম গৰম কৰি ৰাখিছে।
সমান্তৰালভাৱে এই নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয় আৰক্ষীৰ বহু সফল অভিযানৰো খবৰ প্ৰকাশিত হৈছে। আৰক্ষীৰ এনকাউন্টাৰত চোৰাং সৰবৰাহকাৰী হতাহত হোৱাৰ উপৰি এনে অবৈধ সৰবৰাহকাৰীৰ প্ৰত্যাক্ৰমনত আৰক্ষীৰ লোকো আহত হৈছিল।
কিন্তু আশ্চৰ্যজনক কথাতো হ'ল সবাতোকৈ বেছি সংখ্যক অবৈধ সামগ্ৰী ৰেলযোগে সৰবৰাহ হোৱাৰ ঘটনা ধৰা পৰাৰ পাছতো আজিলৈকে কোনো শীৰ্ষ ৰেল বিষয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা নাই।
জানিব পৰা মতে যিকোনো এখন ৰেলৰ সামগ্ৰী বগী অথবা মালবাহী ৰেলত যিকোনো সামগ্ৰী বোজাই হলে সংশ্লিষ্ট ষ্টেচনটোৰ সুনিৰ্দিষ্ট এজন লোকৰ সাক্ষাৎতত এই সামগ্ৰী ভৰাই ছীল মোহৰ মাৰিব লাগে।
এনে এক ব্যৱস্থা বাধ্যতামূলত যদিও উক্ত বিষয়া গৰাকীৰ অজ্ঞাতে কি দৰে বগী ভৰ্তি গাঞ্জা, হেৰোইন, চোৰাং চুপাৰী,গৰু আদিৰ লগতে কিলোৱে কিলোৱে সোণ , লাখ লাখ নিচাযুক্ত সামগ্ৰীৰ টেবলেট আৰু বহুমূলীয়া নিচাসামগ্ৰী হেৰোইন, মাৰিজোউনা আদি বোজাই হোৱাৰ পাছত লামডিং অথবা গুৱাহাটীত আৰক্ষীৰ হাতত ধৰা পৰে সেয়া এক আশ্চৰ্যজনক ঘটনা।
আমি আজি কেৱল গুৱাহাটী ষ্টেচনৰ লগতে মহানগৰীৰ অন্যান্য স্থানত বিগত কেইটামান মাহত উদ্ধাৰ হোৱা এনে নিষিদ্ধ সামগ্ৰীৰ তথ্য দাঙি ধৰিব খুজিছো। আমাৰ হাতত পৰা খবৰ মতে কেৱল গুৱাহাটী মহানগৰীতে মহানগৰীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত অভিযানকাৰী দলে যোৱা ৬ মাহত ১২ কিলোগ্ৰাম হিৰোইন জব্দ কৰিবলৈ সক্ষম হয়। যাৰ মূল্য আনুমানিক ১২০ কোটিৰো অধিক।
একেদৰে ৪ হাজাৰ কিলোগ্ৰাম গাঞ্জা আৰু মেথান ফেটামিন নামৰ মাৰাত্মক নিচাযুক্ত সামগ্ৰী ১৩ কিলোগ্ৰাম জব্দ কৰা হয়। যাৰ মূল্য প্ৰায় ডেৰশ কোটি টকা। ইয়াৰোপৰি য়ুবা নামৰ নিচাযুক্ত ১০ লাখ টেবলেট এই সময়চোৱাত জব্দ কৰা হয়। ইয়াৰ মূল্য কমেও প্ৰায় ১০০ কোটি টকা।
অৰ্থাৎ এজন বিষয়াৰ নেতৃত্বত চলা অভিযানত আৰক্ষীৰে গিজ গিজাই থকা খোদ মহানগৰীতে প্ৰায় ৩৭০ কোটি টকাৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। ইয়াৰোপৰি এই সময়চোৱাত গুৱাহাটী ৰেল ষ্টেচনত জব্দ হোৱা অবৈধ সোণৰ বিস্কুটৰ পৰিমাণো ১০ কিলোৰ অধিক।
লক্ষণীয় ভাৱে ইয়াৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৰেলৰ কোনো বিষয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা নাই অথবা এই সন্দৰ্ভত ৰেল কৰ্তৃপক্ষইও কোনো শীৰ্ষ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰা নাই।
আমি আজি কেৱল গুৱাহাটীত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহাৰ আংশিক খবৰহে দিছো।কাইলৈ যোৱা বৰ্ষটোত লামডিঙত জব্দ হোৱা নিচাযুক্ত সামগ্ৰী, সোণ, চুপাৰী আদিৰ তথ্য আগবঢ়োৱাৰ লগতে বৰাক উপত্যকা, তিনিচুকীয়া, ধুবুৰীকে ধৰি অন্যান্য স্পৰ্শকাতৰ জিলা সমূহৰ তথ্যও পৰ্যায়ক্ৰমে তুলি ধৰিম।
আৰু পঢ়ক: উত্থান-পতনৰ ৰাজনীতিৰে পাৰ হ'ল ২০২২, আপৰ শক্তি বৃদ্ধি, বাদ পৰিল কংগ্ৰেছ নেতৃত্বৰ পৰা গান্ধী পৰিয়াল