বাল্য বিবাহৰ লগত জড়িত থকা ৮জন ব্যক্তিক কৰায়ত্ব মঙলদৈ সদৰ থানাৰ

জিলা খনত মুঠ কৰায়ত্ব ৩১জন।

author-image
Asomiya Pratidin
New Update
বাল্য বিবাহৰ লগত জড়িত থকা ৮জন ব্যক্তিক কৰায়ত্ব মঙলদৈ সদৰ থানাৰ

ডিজিটেল সংবাদ, মঙলদৈ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পিছতে ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত লোক সকলৰ মাজত হাহাকাৰ লাগে। বৃহস্পতি বাৰে ৰাতি মঙলদৈ সদৰ থানাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বাল্য বিবাহৰ লগত জড়িত থকা ৮ জন ব্যক্তিক কৰায়ত্ব কৰে।

Advertisment

কৰায়ত্ব কৰা লোক কেইজন হ'ল বান্দিয়াৰ হুমায়ুন কবিৰ, জাৱৰিকুছিৰ ইমান আলি, মোল্লা পাৰাৰ চাহিদুল হক, জাৱৰিকুছিৰ ৰফিক আলি, বান্দিয়াৰ গিয়াছ আলি, বান্দিয়াৰ আলি হুছেইন,বান্দিয়াৰ বাহাজুদ্দিন, আৰু চমুৱাপাৰাৰ বিৰাজ কুমাৰ চহৰীয়া।

উল্লেখযোগ্য যে দৰং জিলাৰ ধুলা থানাত ৭ জন, ছিপাঝাৰ থানাত ৭ জন, খাৰুপেটীয়াত ৪ জন, দলগাওত ৫ জন আৰু মঙলদৈ থানাত 8 জন  মুঠ ৩১জন জন লোকক বাল্য বিবাহৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমান লৈকে কৰায়ত্ব কৰে দৰং আৰক্ষীয়ে।

against child marriage Assam police