চিলাপথাৰত একেটা দিনতে তিনি কিশোৰী নিৰুদ্দেশ

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি লেচীয়া গাঁৱৰ তিনিগৰাকী কিশোৰী বৃহস্পতিবাৰৰ পৰা নিখোজ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত একেটা দিনতে তিনি কিশোৰী নিৰুদ্দেশ

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি লেচীয়া গাঁৱৰ তিনিগৰাকী কিশোৰী বৃহস্পতিবাৰৰ পৰা নিখোজ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিভাৱকে জনোৱা মতে গাঁৱখনৰ নিবাসী শক্তিপদ টায়েঙৰ কন্যা তথা আমগুৰি জনজাতি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী চিত্ৰাংকনা টায়েঙে (১৩) কালি বিয়লি স্কুল ছুটি পিছতে ঘৰলৈ আহে।

Advertisment

উক্ত সময়ত ঘৰৰ বাকী সকল ঘৰত উপস্থিত নাছিল। পিছে ঘৰলৈ অহাৰ পিছৰ পৰাই নিখোজ হৈ আছে কিশোৰী। লগতে নিখোজ হৈ আছে আন দুগৰাকী সমনীয়া। পৰিয়ালৰ লোকে বহু স্থানত খা-খবৰ কৰিও কোনো শুংসূত্ৰ পোৱা নাই। একেটা সময়তে গাওঁখনৰ তিনি গৰাকীকৈ স্কুলীয়া ছোৱালী ক'ত হেৰাল ।

ঘটনাৰ সংক্ৰান্তত স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। ঘটনাকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো লোকে কিশোৰীৰ সন্ধান পালে স্থানীয় আৰক্ষী অথবা ৯৯৫৪৩৫৫৭৮৪/ ৯৬৭৮১৪৭০৩৩ নম্বৰত খবৰ কৰিবলৈ পৰিয়ালৰ লোকে ৰাইজৰ প্ৰতি প্ৰাৰ্থনা জনাইছে।

Also Read: বশিষ্ঠ চাৰিআলিত দুৰ্ঘটনা...