/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0f9b248f-e07f-4a58-a779-1deb06e2fb5d/rtttt.jpg)
ডিজিটেল সংবাদ, নামৰূপ: চুইডেনৰ পৰা পৰ্যটক হিচাপে অসমলৈ আহি খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাবলৈ আহি গ্ৰেপ্তাৰ হ'ল তিনিজন। নামৰূপত খ্ৰীষ্টান ধৰ্মৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰা তিনি পৰ্যটক সহ শিৱসাগৰ আৰু গোলাঘাটৰ দুজন ব্যক্তিক বুধবাৰে নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই গ্ৰেপ্তাৰ ঘটনাৰ প্ৰতিবাদত দুপৰীয়া প্ৰায় এক বজাৰ পৰা সহস্ৰাধিক খ্ৰীষ্টান ধৰ্মালম্বী পুৰুষ মহিলাই নামৰূপ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনা বিবৰণী মতে ২৫ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ঘিণাইত খ্ৰীষ্টান ধৰ্মালম্বী সকলে আয়োজন কৰিছিল এক আৰোগ্য প্ৰাৰ্থনা সভাৰ।
ইউনাইটেড চাৰ্চেছ ফৰামে আয়োজন কৰা এই তিনি দিনীয়া কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল সুদূৰ চুইডেনৰ পৰা অহা ব্লোম মাৰকুছ আৰ্ণে হেনৰিক(৪৩), হেন্না মাইকেল ব্লোম(৪১) আৰু ছুচানা এলিজাবেথ(৪৬) নামৰ এগৰাকী পুৰুষ আৰু দুগৰাকী মহিলাই
তিনিও পৰ্যটক হিচাপে নামৰূপ স্থিত বি ভি এফ চি এলৰ অতিথিশালাৰ ১০২ আৰু ১০৩ নং কোঠাত বাহৰ পাতিছিল। গুৰুত্বপূৰ্ণ যে ২৫ অক্টোবৰৰ অনুষ্ঠানটোত তিনিও জনে অংশগ্ৰহণ কৰি বক্তৃতাও প্ৰদান কৰিছিল । কিন্তু টুৰিষ্ট ভিছা লৈ অসম ভ্ৰমণ কৰিবলৈ আহি ধৰ্মীয় অনুষ্ঠানত ভাষণ প্ৰদান কৰা তিনিওকে পুৱাই থানালৈ মাতি নামৰূপৰ উপ আৰক্ষী অধীক্ষক নব কুমাৰ বৰা আৰু ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া নীল কমল বৰুৱাৰ নেতৃত্বত দিনটো সোধা পোছা কৰাৰ অন্তত বিয়লিলৈ গ্ৰেপ্তাৰ কৰে।
লগতে এই অনুষ্ঠানত উপস্থিত থকা শিৱসাগৰ মেলাচকৰৰ অকণ ব্ৰজনায়ক (৬১) আৰু গোলাঘাট নুমলীগড় বি কে জি চাহ বাগিচাৰ লুট দ্বীপ (৩৮) ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিয়লিলৈ পাছ অভিযুক্তক গ্ৰেপ্তাৰ কৰি নাহৰকটীয়া ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে আদালতলৈ নিয়াৰ পথত থানা প্ৰাংগণতে সহস্ৰাধিক প্ৰতিবাদীয়ে বাটভেটি আৰক্ষীক বাধা প্ৰদান কৰে। অৱশ্যে নাহৰকটীয়া ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে ভাৰত দূতাবাস আৰু ছুইদেন দূতাবাসৰ উচ্চস্তৰীয় আলোচনাৰ অন্তত তিনি পৰ্যটকক মুকলি কৰি দিয়া হয় বুলি উপআৰক্ষী অধীক্ষক নব কুমাৰ বৰাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us