আৰক্ষীৰ চকুত ধূলি দি ন্যায়িক জিম্মাৰ পৰা পলায়ন ধৰ্ষণ,হত্য়াৰ ৩ অভিযুক্তৰ…

আৰক্ষীৰ চকুত ধূলি দি ন্যায়িক জিম্মাৰ পৰা পলায়ন ধৰ্ষণ,হত্য়াৰ ৩ অভিযুক্তৰ…

author-image
asomiyapratidin
New Update
আৰক্ষীৰ চকুত ধূলি দি ন্যায়িক জিম্মাৰ পৰা পলায়ন ধৰ্ষণ,হত্য়াৰ ৩ অভিযুক্তৰ…

ডিজিটেল সংবাদ , ঢকুৱাখনা : নৰ হত্যা ,ডকাইতি ,ধৰ্ষণ আদি বহুকেইটা লোমহৰ্ষক ঘটনাৰ সতে প্ৰত্যক্ষ ভাৱে জড়িত ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ হাজোতী আচামী  গেৰজাই বৰুৱা  ওৰফে ৰাজু বৰুৱা , হুজ গাঁওৰ সুনটি  দাস সহ তিনিটা দুধর্ষ  অপৰাধী মঙলবাৰে ঢকুৱাখনা ন্যায়িক জিম্মাৰ পৰা পলায়ন কৰিছে। শিৱসাগৰ, ঢকুৱাখনা ,গোগামুখ , সোনাৰী চাপৰি আদি বিভিন্ন থানাত  পঞ্জীভূত গোচৰৰ দুৰ্ধৰ্ষ আচামী তিনিটাক লখিমপুৰ ন্যায়িক হেফাজতৰ পৰা পঞ্জীভূত গোচৰৰ সন্দৰ্ভত ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতলৈ সোমবাৰে আনিছিল ।

Advertisment

ন্যায়িক জিম্মাত  হাজিৰ কৰিবলৈ বুলি আনি ন্যায়িক আদালতৰ  ভিতৰৰ লকআপত ৰাখিছিল আটাইকেইটা । কিন্তু  পি আই কৰ্টৰ  আৰক্ষীৰ চকুত ধূলি দি লকআপৰ শৌচাগাৰৰ খিৰিকীৰ গ্ৰীল ভাঙি সোমবাৰে দুপৰীয়া প্ৰায় ১১-৪০ বজাত তিনিওটা অভিযুক্ত পলাই যাবলৈ সক্ষম হয়।

এগৰাকী ব্যক্তিয়ে বাহিৰৰ পৰা দৌৰি পলাই যোৱা আটাই কেইটাক দেখি অৱগত কৰাতহে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰে। ইতিমধ্যে দৌৰি নিৰাপদ স্থানলৈ গতি কৰা পলাতক অভিযুক্ত কেইটাৰ সন্ধানত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা , সদৰ থানাৰ অচি নৱজ্যোতি ৰয় , উপ পৰিদর্শক  দীনেশ মেধি নেতৃত্বত এটা আৰক্ষী ,অৰ্ধ সামৰিক বাহিনীৰ দলে সমগ্ৰ এলেকা বেৰি ধৰি সন্ধান অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লেখা পৰলৈকে তেওঁলোকৰ কোনো সম্ভেদ পোৱা নাই।

উল্লেখযোগ্য যে ঘিলামৰা থানাৰ অন্তৰ্গত টেঙা গৰা দলংৰ সমীপত লখিমপুৰৰ টুল দত্ত বৰ্বৰ হত্যাকাণ্ডৰ মূল নায়ক  আছিল গেৰজাই বৰুৱা  আৰু সোণতি দাস । ৰাজ্যখনৰ বিভিন্ন ঠাইত অপৰাধ সংঘটিত কৰি পলায় থকা এই গেৰজাই আৰু সোনটিক ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখনাত  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ঢকুৱাখনা আৰক্ষী।

অন্য এজন যতীন তামুলী চুৰি গোচৰৰ অভিযুক্ত আছিল। ইতিমধ্যে প্ৰায় ৮ মাহৰ  পূৰ্বে  ২২ জানুৱাৰীত কোভিডত আক্ৰান্ত হোৱা গেৰজাইক লখিমপুৰ কোভিড চিকিৎসালয়ত   ৰখাৰ পাছত চিকিৎসালয়ৰ ৱাৰ্ডৰ পৰা  হেণ্ড কাফ লৈ পলাই যোৱাৰ  পাছত ঢকুৱাখনা আৰক্ষীয়ে দুদিন পাছত  অপৰাধীটোক আটক কৰিছিল।

সুৰুঙা পালেই পলোৱাৰ জলন্ত  উদাহৰণ থকা গেৰজাইক   কি কাৰণত সাধাৰণ অপৰাধীৰ দৰে ন্যায়িক লক আপত ৰাখিছিল তাক লৈ ব্যাপক চৰ্চা চলিছে । অসম আৰক্ষীৰ মূৰ কামোৰণী স্বৰূপ এই নৰ হত্যাকাৰী দুটাৰ প্ৰতি অসম আৰক্ষীয়ে  নৰম ভূমিকা পালন কৰি অহাৰ বাবেই বাৰে বাৰে পলায়ন কৰিবলৈ সুবিধা পাই আহিছে বুলি চৰ্চা চলিছে।

আৰু পঢ়ক: পুনৰ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে কাশ্মীৰী পণ্ডিতক… 

assam murder dhakuakhana crime Assam police