/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/863405ff-817d-4d54-bad2-93a1c8d5e1ab/394.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কুচনিমাৰা গাঁৱত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এই অভিযানৰ জৰিয়তে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ৩ গৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা নিচাযুক্ত টেবলেট আৰু হেৰইনসহ এখন বলেৰ' বাহন জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6bfc4f17-1149-410f-96ea-3e38abbac582/04e9dde5_5c02_42b9_ad03_6fec427e46d3.jpg)
উল্লেখযোগ্য যে গোপন সূত্ৰৰ ভিত্তিত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোহাইৰ নেতৃত্বত আৰক্ষীৰ দল এটা কুচনিমাৰা গাঁৱৰ ছাহিব হুছেইনৰ ঘৰত অভিযান চলায়। আৰক্ষীয়ে ছাহিবৰ পত্নীসহ ঘৰখনৰ পৰা আন দুগৰাকী ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰে।
আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা হেৰইন,নিচাযুক্ত টেবলেট আৰু এটা বলেঅ' বাহন জব্দ কৰে। জব্দ কৰা বাহনখনৰ নম্বৰ এ এছ ০৪ কিউ ৩১০৬ । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক মানকাচৰ থানা এলেকাৰ অধীনস্থ কুচনিমাৰা গাঁৱৰ ছাহিব হুছেইনৰ পত্নী,চমৰাশালী গাঁৱৰ মনিৰুল সেখ (২৬) আৰু গোলাম ছানোৱাৰ (২০) বুলি চিনাক্ত কৰা হৈছে। ধৃত ব্যৱসায়ীদ্বয়ে ড্ৰাগছখিনি মহিলাগৰাকীৰ পৰা নিব আহিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।