/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/dfs.jpg)
ডিজিটেল সংবাদ , নগাঁও : আৰক্ষীৰ জালত ভাৰতীয় খাদ্য নিগমৰ চাউলৰ চোৰাং সৰবৰাহকাৰী ৷ নগাঁও বৰঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাউলৰ চোৰাং সৰবৰাহকাৰী কেইজনৰ নাম হৈছে লাহৰিজানৰ মহেশ ৰয় (৪৭), উত্তৰ প্ৰদেশৰ সুৰেন্দ্ৰ যাদব (৩৯) আৰু ৰিংকু যাদব (২২) ৷
আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ ট্ৰাকো ৷ ট্ৰাক কেইখনৰ নম্বৰ হৈছে ইউ পি ৫৩ ই টি ৭২৫৭ , ইউ পি ৫৩ বি টি ৮৩৫৭ ৷ জানিব পৰা মতে দুয়োখন ট্ৰাকত এহেজাৰ বেগ ভাৰতীয় খাদ্য নিগমৰ চাউল চোৰাং ভাবে কঢ়িয়াই অনা হৈছিল ৷
পাঁচশ বেগকৈ চাউল দুয়োখন ট্ৰাকত বোজাই কৰি সৰবৰাহকাৰীয়ে মেঘালয়লৈ বুলি নগাঁৱৰ মাজেৰে শুকুৰবাৰে নিশা লৈ গৈ আছিল ৷ ডিমাপুৰৰ পৰা চোৰাংকৈ চাউলৰ বেগ অহা খবৰ আৰক্ষীয়ে গম পাই বৰঘাট পহৰা চকীত তালাচী চলাইছিল ৷ এই তালাচীতে এহেজাৰ বেগ ভাৰতীয় খাদ্য নিগমৰ চাউলৰ চোৰাং বেহাৰ ঘটনা পোহৰলৈ আহে ৷