নিৰ্বাচনৰ শেহতীয়া ২৫টা খবৰ…

নিৰ্বাচনৰ শেহতীয়া ২৫টা খবৰ…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

১. পুৱা ১০বজালৈকে বিহাৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। ভোটদানৰ হাৰ ১০ বজালৈকে ১৯.৫ শতাংশ।

২. ছত্তীশগড়ত নিৰ্বাচন অনুষ্ঠিত হৈ থাকোতেই পুলিং বিষয়াৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত ১৮৬নং কানকেৰ ভোটগ্ৰহণ কেন্দ্ৰত মৃত্যু হয় পুলিং বিষয়াগৰাকীৰ।

৩. মহাৰাষ্ট্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে ১০৫ বছৰীয়া বৃদ্ধাই। বৃদ্ধা গৰাকীৰ নাম কবি বে' পামলে। হাৰাংগুল বুদ্ৰুগ ভোটগ্ৰহণ কেন্দ্ৰত বৃদ্ধাগৰাকীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ।

৪. জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। অৱশ্যে ভোটদানৰ হাৰ সেৰেঙা।

৫. জম্মু-কাশ্মীৰত চিকিৎসালয়ৰ পৰাই ভোটদানৰ বাবে আহিলে ৮০ বছৰীয়া বৃদ্ধা। বৃদ্ধা গৰাকীৰ নাম যোগীনদেৰ' দেৱী। কঠুৰা জিলা হাস্পতালত চিকিৎসাধীন হৈ আছিল বৃদ্ধাগৰাকী।

৬. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰি কুমাৰস্বামীৰ দাবী- কৰ্ণাটকত যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব তেওঁলোকে।

৭. কৰ্ণাটকতো সাধাৰণ লোকৰ মাজত নিৰ্বাচনৰ প্ৰতি ব্যাপক সঁহাৰি। ৯১ বছৰীয়া বৃদ্ধ দম্পতীয়ে দিলে ভোটদান। দম্পতীদ্বয়ৰ নাম- শ্ৰীনিবাস আৰু মঞ্জুলা।

৮. তামিলনাডুত এ এম এ কে মুৰব্বী টিটিভি দিনাকৰণে সাব্যস্ত কৰিলে ভোটাধিকাৰ। চেন্নাইৰ বসন্তনগৰ ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰে।

৯. বিহাৰৰ ভোগলপুৰত ৯০ বছৰীয়া বৃদ্ধা উৰ্মিলা আৰু উষাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। সেনাবাহিনীৰ লোকে ভোটগ্ৰহণ কেন্দ্ৰলৈ দাঙি নিলে বৃদ্ধা দুগৰাকীক।

১০. হোমৰগুৰিৰ পৰা পোনে পোনে আহিল ভোটগ্ৰহণ কেন্দ্ৰলৈ। বিবাহৰ সাজতে জম্মু-কাশ্মীৰৰ উধমপুৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে নৱবিবাহিত এহাল দম্পতীয়ে।

১১. চেন্নাইত ডি এম কে প্ৰধান এম কে ষ্টেলিনে এছ আই ই টি কলেজত ভোটাধিকাৰ সাব্যস্ত কৰে। ডি এম কেৰ মুৰব্বী ষ্টেলিনৰ ঘোষণা- এইবাৰ দলটোৱে অভূতপূব আসন লাভ কৰিব।

১২. জম্মু-কাশ্মীৰত পুৱা ৯ বজালৈকে মাত্ৰ ০.৯৯ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটদান। প্ৰথম দুঘণ্টাত সৰ্বোচ্চ ভোটদানৰ হাৰ অসমত।

১৩. মণিপুৰৰ মুখ্যমন্ত্ৰী এম বিৰেন সিঙেও পুৱাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। ইম্ফলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে মুখ্যমন্ত্ৰীগৰাীকয়ে।

১৪. বাংগালুৰুত আৰ এছ এছৰ নেতা ডি হোছাবুলে সাব্যস্ত কৰে ভোটাধিকাৰ। ছেশহাৰদিপুৰমত তেওঁ ভোটদান কৰে পুৱাই।

১৫. কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী জি পৰমেশ্বৰাৰে সহপত্নীৰ সৈতে পুৱাই ভোটদান কৰে। তুমকৌৰৰ কৰাটেজেৰা ভোটগ্ৰহণ কেন্দ্ৰত দুয়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ।

১৬. ওড়িশ্যাতো ভোটগ্ৰহণৰ সময়ত ই ভি এম বিকল হোৱাৰ খবৰ। ২৫টাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে ই ভি এম।

১৭. মথুৰাত ভোটাৰৰ মাজত ব্যাপক সঁহাৰি। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে দেখা পোৱা গৈছে দীঘল শাৰী।

১৮. বিহাৰৰ ত্ৰিবেণী নায়ক স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰতে অঁৰা আছিল কংগ্ৰেছৰ চিহ্ন সম্বলিত পতাকা। কাটিহাৰৰ এই  ভোটগ্ৰহণ কেন্দ্ৰটোৰ পৰা আৰক্ষীয়ে আঁতৰাই পতাকাখন।

১৯. বাংগালুৰুত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰকাশ ৰাজে। চেন্ট্ৰেল বাংগালুৰু সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

২০. দাৰ্জিলিঙতো ভোটাৰৰ মাজত যথেষ্ট সঁহাৰি। পুৱাৰে পৰা ভোট দিবলৈ ভোটগ্ৰহণ কেন্দ্ৰত অগণন লোকৰ ভিৰ।

২১. মণিপুৰত ভোটাধাকিৰ সাব্যস্ত কৰিলে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাই। ইম্ফলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ ভোটপ্ৰদান কৰে।

২২. ছত্তীশগড়ত ভোটগ্ৰহণৰ সময়ত অঘটন। নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ধানিকাৰাত দুই মাওবাদী নিহত।

২৩. তামিলনাডুত ভোটাধিকাৰ সাব্যস্ত কৰিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী ই কে পালানি স্বামীয়ে। ভোটাধিকাৰ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা- তামিলনাডুত তেওঁৰ দলেই যোগ্য প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

২৪. কমল হাছানে কন্যাৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে। এম এন এম দলৰ মুৰব্বী হাছানে চেন্নাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে।

২৫. পশ্চিমবংগত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহণ। ৰাজ্যখনত ৩খন আসনত হৈছে ভোটগ্ৰহণ।