New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/loksabha-election-psd-copy.jpg)
- বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ ৫ সমষ্টিত ৫০জন প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।
- পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব।
- মুঠ ভোটাৰৰ সংখ্যা ৬৯,১০,৫৯২জন।
- সমষ্টি ৫টাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৮,৯৯২টা।
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ সংখ্যা হৈছে ৩৫,৯৬৮জন।
- ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰা হৈছে ১৬৯টা কোম্পানী আৰু ১ প্লাটুন নিৰাপত্তাৰক্ষী।
- দ্বিতীয় পৰ্যায়ত ই ভি এম আৰু ভি ভি পেড মেচিন ব্যৱহাৰ কৰা হ'ব ৮৯৯২টা।
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩৭টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণ মহিলা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব।
- মডেল ভোটকেন্দ্ৰ হিচাপে বাচনি কৰা হৈছে ৮৪টা ভোটকেন্দ্ৰ।
- ভিতৰুৱা ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৩৩টা।
- শিলচৰত প্ৰাৰ্থিত্ব আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৩জন।
- কৰিমগঞ্জত মুঠ ১৪জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব।
- ডিফু সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৫জন।
- নগাঁৱত মুঠ ৭জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব।
- আৰু মঙলদৈত প্ৰাৰ্থিত্ব আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১১জন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us