এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ আজি দ্বিতীয়টো দিন

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা এবছুৰ কেন্দ্ৰীয় পতাকা উত্তোলন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। এবছুৰ কেন্দ্ৰীয় পতাকাৰ লগতে এবছুৰ ৩৩ টা গোটৰো পতাকা উত্তোলন কৰা হয়।  

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
লোকাৰণ্য বডোফা পথাৰ

লোকাৰণ্য বডোফা পথাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা এবছুৰ কেন্দ্ৰীয় পতাকা উত্তোলন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। এবছুৰ কেন্দ্ৰীয় পতাকাৰ লগতে এবছুৰ ৩৩ টা গোটৰো পতাকা উত্তোলন কৰা হয়।


ইয়াৰ পিছতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে এবছুৰ প্ৰাক্তন সম্পাদক পৰমেশ্বৰ ব্ৰহ্মই । 
বড়োলেণ্ড শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে এবছুৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰীয়ে। দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাতিপুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে বডোফা পথাৰ। 

কোকৰাঝাৰ এবছু