ৰঙিয়াত দ্বিতীয় বাৰ্ষিক প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান

ৰঙিয়াত দ্বিতীয় বাৰ্ষিক প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত দ্বিতীয় বাৰ্ষিক প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ, ৰঙিয়া : কামৰূপ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক, সংঘৰ একনিষ্ঠ সেৱক তথা তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত নীতিশ চন্দ্ৰ শৰ্মাৰ দ্বিতীয় বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰা হৈছে। অহা ২৯ ছেপ্তেম্বৰত ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত আবেলি ৪ বজাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

Advertisment

এই স্মাৰক বক্তৃতানুষ্ঠানত "নাগৰিকৰ কৰ্তব্য" শীৰ্ষক বিষয়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমূখ শংকৰ দাসে বক্তৃতা প্ৰদান কৰিব বুলি উদযাপন সমিতিৰ সভাপতি ড° বিচিত্ৰ কলিতাই জানিবলৈ দিয়ে।‌ ইয়াৰোপৰি প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ জীৱন, কৃতি আৰু মহান আদৰ্শক সজীৱ কৰি ৰখাৰ বাবে এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰা হ'ব।

গ্ৰন্থখন উন্মোচন কৰিব আৰ এছ এছৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তীয়ে।‌ উক্ত দিনাৰ এই কাৰ্যসূচীত নিৰ্দিষ্ট সময়তকৈ ১০ মিনিট আগতে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ আহ্বান জনাইছে।

Also Read: মায়ঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা অভিনেতা সুৰেশ গোপী...

rangia lecture