গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন ঊনত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ…

গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন ঊনত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ…

author-image
asomiyapratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন ঊনত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ…

ডিজিটেল ডেস্ক: ৬ মে'ত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় ঊনত্ৰিংশত্তম দীক্ষান্ত সমাৰোহ। চলিত বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা হীৰক জয়ন্তী উদযাপন কৰি থকা বিশ্ববিদ্যালয়খনে ২,০০,৫০০ তকৈ অধিক শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয়।

Advertisment

লগতে ৯,৮০০শিক্ষাৰ্থীক স্নাতকোত্তৰ, ১৪৩ জনক এম ফিল আৰু ৬৩৩ জনক পিএইচডি ডিগ্ৰী প্ৰদান কৰা হয়।

উল্লেখ্য যে, আজিৰ সমাৰোহত  প্ৰায় ২৫৫২ জন ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।এই সমাৱৰ্তনত ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদৰ অধ্যক্ষ তথা গুৰু গোৱিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপচাৰ্য অধ্যাপক কে.কে আগৰৱালে ভাষণ প্ৰদান কৰে।

এই সমাৱৰ্তনত উপস্থিত থাকি ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে কয়  "আমি আমাৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক সাফল্য উদ্‌যাপন কৰাৰ সময়তে আমাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সৈতে বিশ্ববিদ্যালয়লৈ কঢ়িয়াই অনা অঞ্চলটোৰ সমৃদ্ধ সংস্কৃতিৰ বিষয়েও প্রশংসা কৰিব লাগিব। এই বিশ্ববিদ্যালয়ে প্ৰদান কৰা শৈক্ষিক, ক্রীড়া, সামাজিক আৰু সাংস্কৃতিক আলোক ধাৰাই ছাত্ৰ-ছাত্ৰী সকলক চিৰদিনৰ বাবে উজ্জ্বীৱিত কৰি ৰাখিব আৰু তেওঁলোকৰ স্মৃতিৰ ভড়াল সজীৱ কৰি ৰাখিব।"

 লগতে কয় যে, "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্ভাৱনা সমূহৰ সম্পূৰ্ণ সুবিধা ল'বলৈ বিশ্ববিদ্যালয়ে নিজকে প্রস্তুত কৰিব লাগিব। বিশ্ববিদ্যালয়ৰ দুৰ্বলতাসমূহ চিনাক্ত কৰি সেইসমূহৰ সমাধানৰ আঁচনি যুক্তত কৰিব লাগিব বুলিও তেওঁ কয়।

আৰু পঢ়ক: অ-আ, ক-খৰ নামত কোন বিষয়াই নগাঁৱত লুটিলে চৰকাৰী ধন

assam gauhati university guwahati jagdish mukhi