/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/pramod-boro-19.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ 'ৰাজ্যসভাৰ নিৰ্বাচনত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই । বিৰোধিৰ মাজত একতা নাই, কোনো কাৰণতে একতা বজাই ৰাখিব নোৱাৰে । সেয়া আজিৰ কথা নহয় , বিৰোধিৰ ঐক্যহীনতা সদায়ে দেখি অহা ঘটনা । সেয়ে বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএলৰ প্ৰাৰ্থী ৰৌণগৌৰা নাৰ্জাৰী খুব ভালভাৱেই জিকিব বুলি আশা কৰিছো।'- এই মন্তব্য প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ।
কোকৰাঝাৰ জিলাৰ ভাৰত -ভূটান সীমান্তবৰ্তী সৰলপাৰাত যোৱা ১৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা অখিল ভাৰতীয় মহায়ান বৌদ্ধ মহানীপা সংঘৰ ২৯ তম বাৰ্ষিক অধিৱেশন আৰু বৌদ্ধ ধৰ্মৰ মৌন ধ্যান – উপৱাস অনুষ্ঠানৰ শনিবাৰে অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰে ।
প্ৰমোদ বড়োৱে দুয়োজন প্ৰাৰ্থীকে আগতীয়া অভিনন্দন জ্ঞাপন কৰি ৰাজ্যসভাত ইউপিপিএলৰ পৰা এজন প্ৰাৰ্থী দিবলৈ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীৰ নেৰ্তৃত্বত আলাপ আলোচনাৰে ৰণকৌশল তৈয়াৰ কৰা হৈছে বুলি মন্তব্য কৰি নিৰ্বাচনৰ পিছত দুয়োগৰাকী সাংসদে সদনত বলিষ্ঠ পদক্ষেপ ল'ব বুলি আশা প্ৰকাশ কৰিছে ।
উল্লেখ্য যে শনিবাৰে ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত অখিল ভাৰতীয় মহায়ান বৌদ্ধ মহানীপা সংঘৰ ২৯ তম বাৰ্ষিক অধিবেশন আৰু বৌদ্ধ ধৰ্মৰ মৌন ধ্যান – উপৱাস অনুষ্ঠানৰ অন্তিম দিনৰ কাৰ্যসূচীত নেপালৰ বিশ্ববিখ্যাত শিল্পী , বৌদ্ধ ভিক্ষুণী তথা ৱৰ্ল্ড ৱাইড ফাণ্ডৰ (World Wide Fund -WWF)ৰ ৰাষ্ট্ৰদূত আনি চোইয়িং ডোলমা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বৌদ্ধ ধৰ্মগুৰু খেনচেন্ ৰিনপোচেৰ পৰা শিল সমাধী গ্ৰহণ কৰি যোৱা ১৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা মৌন ধ্যান আৰু উপৱাস শনিবাৰে পুৱা অন্ত পৰে ।
আয়োজক সমিতিৰ সম্পাদক সন্তোষ পাখৰীনে কয় যে, বৌদ্ধ ধৰ্মই সদায় শান্তিৰ বাণী বিলাই আহিছে আৰু সমাজত শান্তি প্ৰতিষ্ঠা হোৱাটোৱেই সকলোৱে কামনা কৰে । এই অন্তিম দিনৰ কাৰ্যসূচীত বৌদ্ধ ধৰ্মৰ দেশ-বিদেশৰ বৌদ্ধ ভিক্ষু উপস্থিত থকাৰ লগতে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ মনোনিত সদস্য মাধৱ ছেত্ৰীৰ লগতে আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।