অসমৰ পৰা দিল্লীলৈ ২৭০ টা অমৃত কলহ...

অসমৰ পৰা দিল্লীলৈ ২৭০ টা অমৃত কলহ...

author-image
Asomiya Pratidin
New Update
অসমৰ পৰা দিল্লীলৈ ২৭০ টা অমৃত কলহ...

ডিজিটেল ডেস্কঃ অসমত আনুষ্ঠানিকভাৱে অন্ত পৰিল মোৰ দেশ মোৰ মাটি শীৰ্ষক মাটি সংগ্ৰহ কাৰ্যসূচী। বৃহস্পতিবাৰে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই অসমৰ পৰা দিল্লীলৈ অমৃত কলহ লৈ যোৱা বাহকসকলক শুভেচ্ছা জনোৱাৰ পিছতেই শুকুৰবাৰে পুৱাই গুৱাহাটীৰ পৰা দিল্লীলৈ প্রেৰণ কৰা হ’ল ৰাজ্যৰ পৰা সংগৃহীত মাটি।

Advertisment

দিল্লীত নিৰ্মিত হ'বলগীয়া অমৃত উদ্যানত ব্যৱহাৰৰ বাবে ৰে’লযোগে দিল্লীলৈ প্ৰেৰণ কৰা হ'ল মুঠ ৫৪০ কলহৰ ২৭০ টা অমৃত কলহ। বাকী ২৭০টা কলহৰ মাটি ব্য়ৱহাৰ কৰা হ'ব গহপুৰত নিৰ্মিত হ'বলগীয়া বীৰাংগনা কনকলতা বিশ্ববিদ্যালয়ত।

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ৰেলৱে ষ্টেচনত গ্ৰীণ ফ্লেগ দেখুৱাই দিল্লী অভিমুখী অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণী কৰে। এই অনুষ্ঠানত তেওঁক সংগ দিয়ে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া আৰু বহু কেইজন বিশিষ্ট ব্যক্তিয়ে।

অসমৰ মাটি দিল্লীলৈ লৈ যোৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখন মুকলি কৰাৰ পাছতেই ১৯ চেপ্তেম্বৰৰ পৰা ২৬ অক্টোবৰলৈ বিগত এটা মাহে ৰাজ্যৰ জনসাধাৰণে অমৃত কলহ যাত্ৰাৰ প্ৰতি আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

Also Read: ক্ৰমাত ধ্বংসৰ গৰাহলৈ কাৰ্বি পাহাৰ

Amrit Kalaha Yatra