নিৰ্বাচনী বতাহ লগা নাই গাতঃ বুলেটেৰে পুনেৰ পৰা টাৱাং অভিমুখে ২৪ বাইক আৰোহী

নিৰ্বাচনী বতাহ লগা নাই গাতঃ বুলেটেৰে পুনেৰ পৰা টাৱাং অভিমুখে ২৪ বাইক আৰোহী

author-image
asomiyapratidin
New Update
নিৰ্বাচনী বতাহ লগা নাই গাতঃ বুলেটেৰে পুনেৰ পৰা টাৱাং অভিমুখে ২৪ বাইক আৰোহী

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি নিৰ্বাচনী বতাহ। সেই নিৰ্বাচনী ব্যস্ততাই চুব পৰা নাই তেওঁলোকক। যি সময়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে, সেই সময়ত তেওঁলোক আহিছে পুনেৰ পৰা টাৱাং অভিমুখে। মুঠ ২৪ গৰাকী বাইক আৰোহীয়ে পুনেৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা। বৃহস্পতিবাৰে পুৱাৰ ভাগত তেওঁলোকে জিৰণি লয়হি নগাঁৱত। সেই সময়ত তেওঁলোকক দেখা গৈছিল নগাঁৱৰ পথৰ দাঁতিত।

উল্লেখযেগ্য যে, এইদৰে টাৱাঙলৈ অহা ২৪ জন বাইক আৰোহীৰ ভিতৰত ১০ যোৰাই দম্পত্তি। সমগ্ৰ দেশজুৰি চলা নিৰ্বাচনকেন্দ্ৰিক ধামখুমীয়াৰ মাজত পৰ্যটকৰ এই দলটোৱে ১১ এপ্ৰিলৰ পৰা তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰি ঠায়ে ঠায়ে ৰৈ নিৰ্বাচনৰ বুজ লৈ আহিছে। দলটোৱে ১৮ এপ্ৰিলত নগাঁৱত জিৰণি লোৱাৰ পিছতে লক্ষিমপুৰ-তেজপুৰ হৈ অৰুণাচলৰ টাৱাঙলৈ যাত্ৰা কৰিব।