Advertisment

চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

২০২৪ চনৰ প্রণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চিত্র শিল্পী দিলীপ তামুলীলৈ। চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কর্যৰ ক্ষেত্রত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্রতিবছৰে উত্তৰ পূর্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা অগাবঢ়াই অহা হৈছে। 

author-image
Asomiya Pratidin
New Update
চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ প্রণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চিত্র শিল্পী দিলীপ তামুলীলৈ। চিত্রকলা চর্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষার্থ কৰা প্রয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কর্যৰ ক্ষেত্রত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্রতিবছৰে উত্তৰ পূর্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা অগাবঢ়াই অহা হৈছে। 

Advertisment

২০০২ চনৰ পৰা প্রবর্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্রহ্ম, বেনু মিশ্র, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্রহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শর্মা, কিৰণ শংকৰ, চম্পক বৰবৰা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্র এম থেম, ত্রিপুৰাৰ শিল্পী চিন্ময় বয়, মিজোৰামৰ চিত্রশিল্পী ট্লাং বধুমা, অৰুণাচল প্রদেশৰ চিত্র ভাস্কর্য শিল্পী টাকৰ ৰিবা আৰু নাগালেণ্ডৰ চিত্রশিল্পী বুদ্ধি থাপাক প্রদান কৰা হৈছে।

এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্রশস্তি পত্র আৰু নগদ ২৫ হাজাৰ টকা।১৯৫৮ চনত মাজুলীত জন্ম গ্রহণ কৰি নদী দ্বীপটোতে শৈশৱ অতিবাহিত কৰা শিল্পী দিলীপ তামুলীয়ে শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলা ভবনৰ পৰা গ্রাফিক্স কলাৰ স্নাতকোত্তৰ ডিপ্লমা অর্জন কৰিছিল।

এবছৰীয়া ললিত কলা গবেষণা বৃত্তি লাভ কৰি নতুন দিল্লীত অধ্যয়ন কৰাৰ পিছত তেওঁ ৰয়েল ডেনিছ সাংস্কৃতিক বৃত্তি লাভ কৰি কপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমি অব আর্টত দুবছৰীয়া স্নাতকোত্তৰ প্রশিক্ষণ গ্রহণ কৰিছিল। গুৱাহাটীৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ গ্রহণ কৰা শিল্পীজনে ৰাজ্যখনৰ চিত্রকলা ক্ষেত্রখন সমৃদ্ধ কৰাত বিশিষ্ট ববঙণি আগবঢ়াই আহিছে।

অসম ফাইন আর্টছ এণ্ড ক্রাফট ছচাইটিক কার্যকৰী সভাপতি হিচাপেও কার্যনির্বাহ কৰা শিল্পী তামুলীয়ে সুকুমাৰ কলাৰ সৃষ্টিশীল কার্যত নিজকে জড়িত কৰি ৰাখিছে। বহুসংখ্যক চিত্র প্রদর্শনী, চিত্র কর্মশালা আৰু কলা শিবিৰতো অংশগ্রহণ কৰা চিত্রশিল্পীজনৰ চিত্রকর্মই দেশে- বিদেশে সম্মান আক প্রশংসা বুটলিবলৈ সক্ষম হৈছে।

বঁটা প্ৰদান অনুষ্ঠান চিত্রশিল্পী