ভেঁকোভাওনা! বন্ধ হ'ব ২০০ বিদেশী ন্য়ায়াধিকৰণ, পুনৰ একাংশ নিবনুৱা হোৱাৰ পথত...

ষোল্লশ কোটি টকা খৰচ কৰি প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এক কথাত ক'বলৈ গ'লে পৰিণত হ'ল চৰম ভেঁকোভাওনাত।

author-image
Asomiya Pratidin
New Update
ভেঁকোভাওনা! বন্ধ হ'ব ২০০ বিদেশী ন্য়ায়াধিকৰণ, পুনৰ একাংশ নিবনুৱা হোৱাৰ পথত...

foreign tribunal

ডিজিটেল ডেস্ক: ষোল্লশ কোটি টকা খৰচ কৰি প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এক কথাত ক'বলৈ গ'লে পৰিণত হ'ল চৰম ভেঁকোভাওনাত। নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলৰ আপীল নিষ্পত্তিৰ বাবে নিযুক্তি দিয়া ২০০ অতিৰিক্ত বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ কাৰ্যকাল অৱশেষত বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে।

Advertisment

ইয়াৰ লগে লগে এন আৰ চিৰ মূল দায়িত্ব নোপোৱাকৈ দুশ গৰাকী ন্যায়াধিকৰণ সদস্যই বিদায় ল'ব লগাৰ পথ প্ৰশস্ত হ'ল। সমান্তৰালভাৱে বিদেশী ন্যায়াধিকৰণৰ পদৰ বাবে বিভিন্ন পদত বাছনি হোৱা ১৬০০ প্ৰাৰ্থীৰ চাকৰি লাভৰ আশাও নোহোৱা হ'ল।

উল্লেখ্য যে, এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰৰ আপীলৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে ২০০ খন অতিৰিক্ত ন্যায়াধিকৰণ স্থাপন কৰিছিল। ইয়াৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশনাত ২০০ গৰাকী সদস্য নিয়োগ কৰা হয়।

কেৱল ইমানেই নহয়। অন্যান্য কাম কাজৰ বাবে তৃতীয়-চতুৰ্থ বৰ্গৰ ১৬০০ গৰাকীক বাছনি কৰে অসম চৰকাৰে। কিন্তু কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে এতিয়ালৈকে বাদ পৰা ১৯ লাখ লোকক প্ৰদান কৰা নহ'ল ৰিজেকচন শ্লিপ। যাৰ বাবে নিযুক্তি পোৱা ২০০ গৰাকী সদস্যক বিদেশী ন্যায়াধিকৰণ সমূহতে সংলগ্ন কৰি বিদেশী সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ দায়িত্ব দিয়া হৈছিল।

এই লোক সকলৰ যোৱা ২২ ছেপ্টেম্বৰত কাৰ্যকাল শেষ হ'ল। সদস্য সকলৰ কাৰ্যকাল বৃদ্ধি হ'ব নে নহয় তাক লৈ এক প্ৰশ্ন উত্থাপন হৈ আহিছিল। ইয়াৰ মাজতে বৃহস্পতিবাৰে পোহৰলৈ আহে যে এই সদস্য সকলৰ কাৰ্যকাল বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে কেন্দ্ৰলৈ পত্ৰও প্ৰেৰণ কৰিছে। অৱশ্যে পত্ৰত লিখিছে যে এন আৰ চি অধিসূচিত হ'লে এই সকল লোকক ব্যৱহাৰ কৰা হ'ব।

assam guwahati foreign tribunals