/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া: গুঁইজানৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈ গভীৰ পানীত ডুব গৈ তিনিচুকীয়াৰ দুই যুৱকে কৰুণ মৃত্যুক সাৱটি লব লগা হোৱা এক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আজি দিনৰ ভাগত পাঁচ সমনীয়াই গুঁইজানৰ সমীপৱৰ্তী মাগুৰি বিলৰ কলীয়াপানী ঘাটত গা ধুবলৈ বুলি গৈছিল ।
বিলখনৰ এটা দ সূঁতি অতিক্ৰম কৰিবলৈ আটাই কেইজনে এডাল ৰছী ব্যৱহাৰ কৰিছিল যদিও ৰছীডাল চিঙি পৰাত গভীৰ পানীত ডুব যায় তিনিচুকীয়া দহোতীয়াচুকৰ ৰূপক কলিতাৰ পুত্ৰ মাধুৰ্য কলিতা (২০) আৰু বৰগুৰিৰ বাসিন্দা পূৰ্ণানন্দ গোঁহাইৰ পুত্ৰ ঋষভ গোহাঁই (১৮) ।
বাকী তিনি সমনীয়াৰ চিঞৰ-বাখৰত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ গুৰুতৰ অৱস্থাত ঋষভ গোহাঁইক উদ্ধাৰ কৰি গুঁইজান আৰক্ষীৰ সহযোগত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ।
আনফালে গুঁইজান আৰক্ষী আৰু এছ ডি আৰ এফৰ অভিযানত মাধুৰ্য কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ইফালে স্থানীয় লোকৰ ভাষ্য অনুসৰি আজি দিনৰ ভাগত কলীয়াপানী ঘাটলৈ পাঁচজন যুৱক গা ধুবলৈ গৈছিল আৰু ইয়াৰে দুজন যুৱক পানীৰ গভীৰতালৈ গৈ ডুব যায় ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত এজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় আৰু আনজনৰ মৃতদেহ আবেলি গুঁইজান আৰক্ষীৰ উপস্থিতিত এছডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে ৷ জানিব পৰা মতে মৃত ঋষভ গোহাঁই তিনিচুকীয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল । অন্যহাতে মাধুৰ্য কলিতাই উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ ৰঙাগড়া পথৰ আদিত্য ডায়গনেষ্টিক এণ্ড হস্পিতেলত কৰ্মৰত আছিল । যুৱকদুজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।
আৰু পঢ়ক: প্ৰিয় শিক্ষকৰ বদলি; মাজুলীৰ খণ্ডৰ এখন বিদ্যালয়ত কান্দোনৰ ৰোল…