কংগ্ৰেছ এৰাৰ হুংকাৰ দলৰ ২ বিধায়কৰ…

কংগ্ৰেছ এৰাৰ হুংকাৰ দলৰ ২ বিধায়কৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: কংগ্ৰেছ দল ত্যাগ কৰাৰ দাবী দলটোৰ দুই গৰাকী বিধায়কৰ। কংগ্ৰেছ এৰাৰ হুংকাৰ দলৰ দুই গৰাকী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু আব্দুল ৰচিদ মণ্ডলৰ।এই দাবী কৰে এআইইউডি অফৰ বিধায়ক নজৰুল হকে।

একাংশ কংগ্ৰেছ বিধায়কে বিজেপিক ভোট দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে দুইগৰাকী বিধায়কে। বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচন। আজি হোৱা ভোটদানত কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে ভোট ভুলকৈ দিয়ে। তাৰ পাছতেই কংগ্ৰেছৰ পৰা নিলম্বন কৰা হয় ছিদ্দিক আহমেদক।লগত ছিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজ কৰাৰো আৱেদন দাখিল কৰিছে কংগ্ৰেছে।

congress rajya sabha election