সোণাই ৰূপাইত ২ লাখ অবৈধ বেদখলকাৰী ! কিয় কৰা নহয় উচ্ছেদ? ভোট বেংকৰ বাবেই ৰাষ্ট্ৰপতিৰ পত্ৰকো অৱজ্ঞা…

সোণাই ৰূপাইত ২ লাখ অবৈধ বেদখলকাৰী ! কিয় কৰা নহয় উচ্ছেদ? ভোট বেংকৰ বাবেই ৰাষ্ট্ৰপতিৰ পত্ৰকো অৱজ্ঞা…

author-image
asomiyapratidin
New Update
সোণাই ৰূপাইত ২ লাখ অবৈধ বেদখলকাৰী ! কিয় কৰা নহয় উচ্ছেদ? ভোট বেংকৰ বাবেই ৰাষ্ট্ৰপতিৰ পত্ৰকো অৱজ্ঞা…

ডিজিটেল সংবাদ ওৰাং: শনিবাৰে বৰছলাৰ চিতলমাৰীত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলালে। বৰছলাৰ চিতলমাৰীত ১০০০ বিঘা মাটি বেদখল মুক্ত কৰিলে প্ৰশাসনে। উচ্ছেদ চলোৱা হ'ল ২৯৯ টা পৰিয়াল। শোণিতপুৰ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশ আৰু দক্ষিণ দিশত অৰ্থাৎ সোঁফাল আৰু বাওঁফাল।

Advertisment

বাওঁফালৰ চৰ-চাপৰি অঞ্চলৰ লোকসকলক আজি উচ্ছেদ অভিযান চলালে শোণিতপুৰ জিলা প্ৰশাসনে। উচ্ছেদ এক আইনগত আৰু চৰকাৰী প্ৰক্ৰিয়া কিন্তু চৰ-চাপৰি অঞ্চলৰ বিপৰীতে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বনাঞ্চল তথা চাৰি দুৱাৰ সংৰক্ষিত বনাঞ্চল বৰ্তমান অসমৰ মানচিত্ৰৰ পৰাই হেৰাই যোৱাৰ উপক্ৰম হৈছে।

সোণাই ৰূপাই অভয়াৰণ্যত বৰ্তমান ২ লাখ বেদখলকাৰীৰ কবলত। বৰ্তমান এই ২ লাখ বেদখলকাৰীক উচ্ছেদ কৰাৰ পৰিবৰ্তে চৰকাৰে ভূমি পট্টা প্ৰদান কৰাৰ যো-জা চলাইছে। এই অভিযোগ অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথৰ।

শোণিতপুৰ জিলা প্ৰশাসনে চৰ-চাপৰি অঞ্চলত উচ্ছেদ চলোৱাৰ সমান্তৰালকৈ সংৰক্ষিত বনাঞ্চলত থকা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে প্ৰকৃতি প্ৰেমী দিলীপ নাথে। তেওঁ কয়- যিসকল লোকে আজি বনাঞ্চল ধংস কৰি সোণাই ৰূপাই অভয়াৰণ্যত ভোট বেংক বনাইছে, যি সকল লোকে আজি সংৰক্ষিত বনাঞ্চলত সৰ্বশিক্ষা অভিযানৰ বিদ্যালয় গৃহ নিৰ্মাণ কৰিছে, বনাঞ্চলৰ যি সমূহ অঞ্চলত হাত-বজাৰ গঢ়ি উঠিছে তাতেই ভোট কেন্দ্ৰ নিৰ্মাণ হৈছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি আৰু সকলো চৰকাৰী সা-সুবিধা প্ৰদান কৰা হৈছে বনাঞ্চলৰ অবৈধ বেদখলকাৰীসকলক। কিন্তু চৰ-চাপৰি অঞ্চলৰ বেদখলকাৰীসকলক উচ্ছেদ কৰিছে। এয়া কেনে ব্যৱস্থা বুলি প্ৰশ্ন তুলি এই কাৰ্য দুৰ্ভাগ্যজনক‌ বুলি মন্তব্য কৰে দিলীপ নাথে।

সকলোকে সমান দৃষ্টিৰে চাব লাগে আৰু বেদখলকাৰীৰ কোনো জাত-পাত নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শোণিতপুৰ জিলা প্ৰশাসনক বেদখলকাৰীৰ কবলৰ পৰা সোণাই ৰূপাই অভয়াৰণ্যক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে নাথে।

উল্লেখ্য যে বনচোম গছৰ বাবে পৃথিৱী আৰু অসম বিখ্যাত আছিল সোণাই ৰূপাই অভয়াৰণ্য। বৰ্তমান এজোপাও বনচোম গছ পাবলৈ নাই সোণাই ৰূপাই অভয়াৰণ্যত।‌ ২০১০ চনতে ৰাষ্ট্ৰপতি ড° প্ৰতিভা দেৱী সিং পাতিলে পত্ৰ প্ৰেৰণ কৰিছিল অসম চৰকাৰক।

পত্ৰত উল্লেখ আছিল অসমৰ সোণাই ৰূপাই অভয়াৰণ্যত থকা ভোট বেংকৰ তদন্ত কৰা আৰু সোণাই ৰূপাই অভয়াৰণ্যৰ অবৈধ বেদখল উচ্ছেদ কৰাৰ। এই উদ্দেশ্যৰে অসম চৰকাৰ লৈ পত্ৰ প্ৰেৰণ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ড° প্ৰতিভা দেৱী সিং পাতিলে। এতিয়া পুনৰ চৰ্চালৈ আহিছে এই বিষয়টো।

কিন্তু সেই সময়ত একমাত্ৰ ভোটবেংকৰ স্বাৰ্থতে ৰাষ্ট্ৰপতিৰ পত্ৰক তিলমানো গুৰুত্ব প্ৰদান নকৰিলে অসম চৰকাৰে। এই গুৰুত্বৰ অভিযোগ প্ৰকৃতি প্ৰেমী দিলীপ নাথৰ। তেওঁ কয় যে, প্ৰতিটো ৰাজনৈতিক দলেই একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত অসমৰ মানচিত্ৰৰ পৰাই সোণাই ৰূপাই অভয়াৰণ্যক শেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে৷

ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ নিৰ্দেশকো কেৰেপ নকৰিলে অসম চৰকাৰে৷ বৰছলাৰ চিতলমাৰীত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ লগে লগেই চৰ্চালৈ আহিছে এই বিষয়টো। অসমীয়া প্ৰতিদিন ডিজিটেলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী দিলীপ নাথে।

শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ বনাঞ্চলত থকা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ২০১০ চনতেই ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিছিল যদিও একমাত্ৰ চাৰিদুৱাৰ আৰু সোনাই ৰূপাইত বেদখলকাৰীক উচ্ছেদ নকৰিলে ৰাজ্য চৰকাৰে৷

তাৰ পৰিবৰ্তে বিজেপি মন্ত্ৰী বিধায়কে ভোট বেংকৰ স্বাৰ্থত সেইসকল বেদখলকাৰীক বনাঞ্চলৰ ভূমিত পট্টা দিবলৈ উঠিপৰি লাগিছে বুলি অভিযোগ আনিছে অৰণ্য সুৰক্ষা সমিতিৰ অসমৰ সদস্য দিলীপ নাথে৷ বিষয়টো বৰ্তমান চৰ্চাত আছে। তেওঁ লগতে কয় যে, চৰ-চাপৰি অঞ্চলৰ লোক সকল যদি অবৈধ বেদখলকাৰী তেন্তে বনাঞ্চলৰ সকল কিয় অবৈধ বেদখলকাৰী নহয়?

সময় থাকোতেই সকলোকে সমান দৃষ্টিৰে চাই সোণাই ৰূপাই অভয়াৰণ্যৰ অবৈধ বেদখল উচ্ছেদ কৰি হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান প্ৰকৃতি প্ৰেমী দিলীপ নাথৰ।