ৰঙিয়াত উদ্ধাৰ বিৰল প্ৰজাতিৰ ৪১ টাকৈ বন্যপ্ৰাণী, আটক ২

বৃহস্পতিবাৰে ৰঙিয়াত উদ্ধাৰ অৰ্ধশতাধিক দুষ্প্রাপ্য বন্যপ্রাণী।এখন ফৰছুনাৰ বাহনত উদ্ধাৰ প্ৰায় বিৰল প্ৰজাতিৰ ৪১ টাকৈ বন্যপ্ৰাণী।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত উদ্ধাৰ বিৰল প্ৰজাতিৰ ৪১ টাকৈ বন্যপ্ৰাণী, আটক ২

2 held for trafficking 41 rare wild animals

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ৰঙিয়াত উদ্ধাৰ অৰ্ধশতাধিক দুষ্প্রাপ্য বন্যপ্রাণী।এখন ফৰছুনাৰ বাহনত উদ্ধাৰ প্ৰায় বিৰল প্ৰজাতিৰ ৪১ টাকৈ বন্যপ্ৰাণী।

Advertisment

উদ্ধাৰ ২ চিম্পাঞ্জী, দুটা কেংগাৰু, ১৯ টা বান্দৰ, ১৮ টা কাছ আৰু ২ ভাটৌ চৰাই। ম্যানমাৰ-মিজোৰাম সীমান্তৰ পৰা অনা হৈছিল বন্যপ্রাণীসমূহ। ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ ৰঙিয়া ছ’চাইটি চ’কত জব্দ বন্যপ্রাণী।

উদ্ধাৰ কৰা বান্দৰবোৰ ছয়টা ভিন্ন প্ৰজাতিৰ আছিল যিবোৰ থাইলেণ্ড বা ম্যানমাৰৰ পৰা অনা হৈছিল বুলি সন্দেহ কৰা হৈছে।

ইয়াৰ লগতে ঘটনা সন্দৰ্ভত তামিলনাডুৰ ৰঘু সিং আৰু কাৰ্তিক নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, অভিযুক্তসকলে থাইলেণ্ড আৰু ম্যানমাৰ হৈ অসমত প্ৰৱেশ কৰিছে আৰু এই জন্তুবোৰ বিভিন্ন ৰাজ্য আৰু দেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল। ৰঘু আৰু কাৰ্তিক বন্যপ্ৰাণী আন্তৰাষ্ট্ৰীয় চোৰাং সৰবৰাহৰ লগত জড়িত আছে বুলি সূত্ৰই জনাইছে।

বন্য়প্ৰাণী কেইটাক স্থানীয় পশু চিকিৎসকৰ দ্বাৰা পৰীক্ষাৰ পিছত খাদ্য খুৱাইছিল। অৱশ্যে এই বন্যপ্ৰাণী সমূহক ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ঘটনাৰ লগত অসমৰ কোনো লোকে জড়িত আছে। ঘটনা .সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত আছে।

assam rangia animals trafficking Assam police