/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/rrr.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ ধিং থানাৰ এলেকাধীন বৃহত্তৰ টুকটুকী অঞ্চলৰ দুটা কুখ্যাত ড্ৰাগছ মাফিয়াক মৰিগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা কৰায়ত্ব কৰে। উক্ত দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি বৃহত্তৰ টুকটুকীৰ কটহগুৰি, চমকা, ছালনাবড়িৰ, ৰৌমাৰী, শিলপুখুৰী, আমলখি আদি গাঁৱত এক বৃহৎ নেটৱৰ্ক তৈয়াৰ কৰি ড্ৰাগছ যোগান ধৰি আহিছিল।
টুকটুকী অঞ্চলৰ শতাধিক ৰাইজে স্বাক্ষৰ কৰি তেওঁলোকৰ বিৰুদ্ধে আহোম গাঁও আৰক্ষী পহৰা চকীত অভিযোগ দাখিল কৰিছিল। অৱশেষত যোৱা নিশা মৰিগাঁও আৰক্ষীৰ এটি বিশেষ দলে গোপন সূত্ৰৰ পম খেদি কটহগুৰিৰ পৰা টুকটুকীৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাহাৰুল ডাক্তৰ আৰু তেওঁৰ সহযোগী ৰৌমাৰীৰ জিয়াবুৰ ৰহমানক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us