/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/DHOKUAKHANA-29.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ক্ৰমাৎ অবৈধ ড্ৰাগছৰ অবাধ প্ৰচলন ভূমিলৈ পৰ্যবসিত হৈছে ঢকুৱাখনা । অভিভাৱকৰ জ্ঞাতে অজ্ঞাতে এচাম নৱ প্ৰজন্মৰ মাজত ভয়াবহ হাৰত আত্ম প্ৰকাশ কৰা এই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সোমবাৰে সন্ধিয়া নিষিদ্ধ ড্ৰাগছসহ এটা কিশোৰ আৰু এজন যুৱক ঢকুৱাখনা আৰক্ষীৰ জালত পৰে ।
সোমবাৰে ঢকুৱাখনা আৰক্ষীৰ এটা অসামৰিক পোছাক পৰিহিত আৰক্ষীৰ দলে গোপন সূত্ৰৰ ভিত্তিত এই ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ মাজতে সন্ধিয়া নগৰ চাৰিআলিৰ এম টি ৰেষ্টুৰেন্টৰ সম্মুখত এটি কিশোৰক অনুসৰণ কৰি আটক কৰে । ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়, উপ-পৰিদর্শক দীনেশ মেধি, উপ-পৰিদর্শক সিদ্ধাৰ্থ নাথৰ নেতৃত্বত চলোৱা গোপন অভিযান কালত সদৰ থানাৰ আৰক্ষী কনিষ্টবল ক্ৰমে মনোজ ছেত্ৰী, আটিকুল ইছলাম, ঠিকাদাৰ ৰংপি, গৃহৰক্ষী বাহিনীৰ জোৱান বগেন চুতীয়া ,বুলেন বৰা, বিতুল সন্দিকৈ আদিয়ে ঢকুৱাখনা নগৰৰ মহঘুলি চাপৰিৰ প্ৰয়াত ৰাজেশ দাসৰ কিশোৰ পুত্ৰ বিপুল দাসৰ পকেটৰ পৰা ০'৮৭ মিলি গ্ৰাম ওজনৰ ড্ৰাগছ ভৰ্তি এটা কণ্টেইনাৰ আৰু এটা খালী কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে সামান্য পৰিমাণৰ ভাং আৰু এটা দিয়াচলাই বাকচ উদ্ধাৰ কৰে ।
ইপিনে আৰক্ষীৰ অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰা ৰামপুৰ চাপৰি গাঁৱৰ অজিত চেতিয়া ওৰফে নগা নামৰ অন্য এক যুৱককো আৰক্ষীয়ে পৰৱৰ্তী সময়ত আটক কৰে । আৰক্ষী সূত্ৰই সদৰী কৰা মতে ধৃত নগা ঢকুৱাখনা নিষিদ্ধ ড্ৰাগছৰ বেহাখনৰ অন্যতম প্ৰধান নায়ক । আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক স্বাস্থ্য পৰীক্ষা কৰি জেৰা অব্যাহত ৰাখিছে আৰু এটা গোচৰ পঞ্জীয়ন কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us