ট্ৰাক চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ দুই যুৱক

ট্ৰাক চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ দুই যুৱক

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নিশাৰ ৰাজপথত মালবাহী ট্ৰাক চালকক ধনদাবী কৰা ঘটনা সংঘটিত হৈছে জামুগুৰিহাটত৷ মঙলবাৰে নিশা জামুগুৰিহাটৰ চকীঘাট দলঙৰ ওচৰৰ চাৰিলেনযুক্ত পথেৰে AS-12-B-0443 নম্বৰৰ চাবোনভৰ্তি ট্ৰাকখন তেজপুৰ দিশৰপৰা লক্ষীমপুৰ দিশলৈ আহি আছিল। তেনে অৱস্থাত চালকগৰাকীয়ে কোনো কাৰণত গাড়ীখন ৰখাই বাহিৰলৈ ওলাই আহে৷

ঠিক তেনে সময়তে দুই যুৱক ক্ৰমে গটাইমাৰীৰ আচিক ইছলাম আৰু গটাইমাৰীৰ বাবুল আলিয়ে মালবাহী ট্ৰাকখনৰ ওচৰলৈ গৈ চালকগৰাকীক দাবী ধমকি দি ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইফালে দুই যুৱকৰ নিশা উদ্ভণ্ডালী দেখি প্ৰাণৰ মমতাত চালকজনে প্ৰায় দুই কি:মি: দৌৰি দৌৰি আহি নতুনকৈ স্থাপন কৰা আৰক্ষী পহৰা চকীত ঘটনা সন্দৰ্ভত অৱগত কৰে৷

লগে লগে জামুগুৰি আৰক্ষীয়ে পথৰ ওপৰত এৰি থৈ অহা এই চাবোনভৰ্তি ট্ৰাকখন উদ্ধাৰ কৰাৰ লগতে চালকগৰাকীকো সুৰক্ষা প্ৰদান কৰি থানালৈ লৈ আহে৷ আনহাতে নিশাই চাৰিলেনযুক্ত পথৰে অহা মালবাহী ট্ৰাকৰ চালকক ধনদ দাবী কৰা দুই যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় জামুগুৰি আৰক্ষী৷ ইতিমধ্যে ঘটনাৰ লগত জড়িত অভিযুক্ত দুই যুৱক ক্ৰমে আচিক ইছলাম আৰু বাবুল আলিক জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে জামুগুৰি আৰক্ষীয়ে ৷

ট্ৰাক চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ দুই যুৱক
শ্ৰীলংকালৈ উভতি গ'ল ৰাজীৱ গান্ধীৰ ৩ হত্যাকাৰী!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in