/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-10-at-2.22.20-PM.jpeg)
ডিজিটেল ডেস্ক চেঙা, ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বৰপেটা জিলাতো আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বুধবাৰে নিশা বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
ধৃত যুৱক দুজন সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ৰমে গৰেমাৰী গাঁৱৰ জনাৱ আলীৰ পুত্ৰ আজমত আলী(২১) আৰু মাজদিয়াৰ হজৰত আলীৰ পুত্ৰ জাহিদুল ইছলাম(২৪) বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে তাৰাবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ছাটাগাঁওত অভিযান চলাই নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকা অৱস্থাত আজমত আলীক আটক কৰে আৰক্ষীয়ে। আজমত আলীৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ।
আনহাতে ধৃত আজমত আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে নিশাই মাজদিয়া আৰক্ষী চকীৰ এদল আৰক্ষীৰ সহযোগত তাৰাবাৰী আৰক্ষীয়ে অভিযান চলায় মাজদিয়াৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জাহিদুল ইছলামৰ ঘৰত । অভিযানকালত জাহিদুল ইছলামক আটক কৰাৰ লগতে জাহিদুল ইছলামৰ ঘৰৰ পৰাও নিচাজাতীয় টেবলেট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
ধৃত জাহিদুল ইছলাম দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । ধৃত যুৱক দুজনৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, দুটা মোবাইল ফোন, নগদ টকা, মহিলাই ব্যৱহাৰ কৰা মানিবেগ এটা আৰক্ষীয়ে জব্দ কৰে। ধৃত যুৱক দুজনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে ১৮/২০২২ নম্বৰত গোচৰ আৰু এন ডি পি এচ আইনৰ ২১(বি) ধাৰাৰ অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ধৃত যুৱক দুজনক বৃহস্পতিবাৰে বৰপেটা আদালতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনাই কয় যে মাৰাত্মক ড্ৰাগছ সেৱনৰ পৰা নৱপ্ৰজন্ম আঁতৰি থাকিব লাগে , সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰিবলৈ নৱপ্ৰজন্মই পদক্ষেপ গ্ৰহণ কৰিব লাগিব । মাৰাত্মক ড্ৰাগছৰ বাবে সমাজৰ লগতে পৰিয়ালতো অশান্তিৰ সৃষ্টি হয়। কোনো দুস্কৃতিকাৰীয়ে যদি সমাজত মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় তথা প্ৰচলন চলাই আছে ততাতৈয়াকৈ স্থানীয় আৰক্ষীক খবৰ দিবলৈও আহ্বান জনায় আৰক্ষী বিষয়া ৰাজীৱ নেওগে।