অসম পালেহি অমিক্ৰন: সোণাপুৰত চিনাক্ত হ’ল অসমৰ প্ৰথমজন অমিক্ৰনত আক্ৰান্ত কিশোৰ…

অসম পালেহি অমিক্ৰন: সোণাপুৰত চিনাক্ত হ’ল অসমৰ প্ৰথমজন অমিক্ৰনত আক্ৰান্ত কিশোৰ…

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ অৱশেষত অসম পালেহি অমিক্ৰন। অমিক্ৰনত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত হৈছে। সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ।

কৰ্মসুত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল। আৰু যোৱা ২১ ডিচেম্বৰত মেঘালয়ত কোভিড -১৯ পৰীক্ষা কৰাত অমিক্ৰন সংক্ৰমণৰ কথা ধৰা পৰে। পাছত পৰিয়ালৰটোৱে সোণাপুৰৰ মৈৰাকুছিস্থিত ভাৰাঘৰত আশ্ৰয় লয়।

বৰ্তমান ভাৰাঘৰটোত উপস্থিত হয় চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী। অমিক্ৰন সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰে। বৰ্তমান সোণাপুৰ আৰক্ষীয়ে ল'ৰাজনৰ সন্ধান অব্যাহত ৰাখিছে।