নগাঁৱত চাঞ্চল্য! তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি ছাত্ৰীৰ ৰহস্যজনক মৃত্যু…

নগাঁৱত চাঞ্চল্য! তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি ছাত্ৰীৰ ৰহস্যজনক মৃত্যু…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ মাজমজিয়াত বুধবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চহৰখনৰ নতুন বজাৰৰ এটা নিৰ্মীয়মান তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি এগৰাকী ছাত্ৰীয়ে মৃত্যুক সাবটি লয়।

Advertisment

মৃত্যুক সাবটি লোৱা ছাত্ৰীগৰাকী নগাঁও চহৰৰ কচলোখোৱাৰ ১৮ বছৰীয়া এগৰাকী যুৱতী বুলি জানিব পৰা গৈছে। তেওঁ ধিং স্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী । সন্ধিয়া ব্যস্ততাপূৰ্ণ এলেকাটোত নিৰ্মাণ কাৰ্য চলি থকা অট্টালিকাটোত কোনো লোক নথকাৰ সময়তে হঠাৎ ওপৰ মহলাৰ পৰা পৰি ছাত্ৰীগৰাকীৰ মৃত্যু হয়। লগে লগে অঞ্চলটোত হুৱা দুৱা লাগে।

স্থানীয় একাংশ লোক উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে ইটাচালী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, ছাত্ৰীগৰাকীয়ে পৰা অট্টালিকাটোৰ ওপৰৰ ছাঁদত বালিৰে love বুলি লিখা প্ৰত্যক্ষ কৰে স্থানীয় লোকৰ লগতে আৰক্ষীয়ে। আনুমানিক ১৮ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও প্ৰেমজনিত কাৰণত ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই।

আত্মহত্যা কৰা স্থানৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন উদ্ধাৰ কৰে। মোবাইল ফোনৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । বিয়লি টিউচনলৈ অহা ছাত্ৰীগৰাকীৰ মৃতদেহ অট্টালিকাটোৰ তলত উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । এতিয়া আৰক্ষীৰ তদন্ততহে আহিব ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ ।

আৰু পঢ়ক: MBBS/BDS ত নামভৰ্তিৰ নামত টকা সংগ্ৰহ, অৱশেষত গ্ৰেপ্তাৰ বিমল কুমাৰ…

nagaon dead assam Assam police