/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/dangor-khobr.jpg)
উদ্বেগজনকঃ ৰাজ্যৰ ১৭২ টা শিশুৰ দেহত মাৰাত্মক কোৰোনা
ডিজিটেল ডেস্কঃ যি সময়ত দেশত কৰোনাৰ তৃতীয় ঢৌৰ সৃষ্টি হ'ব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে আৰু এই তৃতীয় ঢৌত আটাইতকৈ বেছি শিশুসকল ক্ষতিগ্ৰস্থ হ'ব বুলি আশংকা ব্যক্ত কৰিছে, সেই সময়তে এক ভয়ংকৰ তথ্য আহি পৰিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত। বিগত দিন কেইটাত উদ্বেগজনকভাৱে অসমত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত শিশুৰ সংখ্যা।
আমাৰ হাতত আহি পৰা তথ্য অনুসৰি অসমত যোৱা কেইটামান দিনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত শিশুৰ সংখ্যা। এমহীয়া শিশুৰ পৰা প্ৰায় ১৪ বছৰীয়া কিশোৰৰ দেহত কোৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। স্বাস্থ্য বিভাগৰ এক উচ্চ স্তৰীয় সূত্ৰ অনুসৰি শুক্ৰবাৰে দিনৰ ৪ঃ৩০ বজালৈ ৰাজ্যত মুঠ ১৭২ টা শিশু কোৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্ত শিশুসকলৰ একাংশ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও আন একাংশ আক্ৰান্ত শিশু নিজ গৃহতেই আইশ্যলেছনত আছে।
ক্লিক কৰি পঢ়কঃ ঐতিহাসিক ৰাঙলু গড়লৈ সংকটঃ ৰাজ্য চৰকাৰ আৰু স্থানীয় ৰাইজৰ নাই সচেতনতা
মনকৰিবলগীয়া যে, ৰাজ্যৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনাইছিল যে ৰাজ্যত ৩২ টা শিশুহে কোৰোনাত আক্ৰান্ত হৈ আছে। কিন্তু আমাৰ হাতত পৰা তথ্য মতে ৰাজ্যত শুক্ৰবাৰে বিয়লি ৪ঃ৩০ বজা পৰ্যন্ত মুঠ ১৭২ টা কোৰোনাত আক্ৰান্ত শিশু চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত নগাওঁ জিলাতেই সৰ্বাধিক শিশু আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।
অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে শনিবাৰে বিশেষ লেখাত নগাওঁ জিলাৰ এডিপি কলেজত ৩০ টাকৈ শিশু কোৰোনাত আক্ৰান্ত হৈ ভৰ্তি হৈ থকাৰ কথা প্ৰকাশ পাইছিল। জিলাখনৰ এডিপি কলেজৰ কোভিড কেয়াৰ চেণ্টাৰত কলেজৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থাৰ মাজেৰে কোভিড আক্ৰান্ত শিশু কেইটাক অতি পৰিস্কাৰ পৰিচন্নভাৱে ৰখাৰ ব্যৱস্থা কৰিছে। । মহাবিদ্যালয়খনৰ কেইটামান বিশেষ কোঠা আৰু মহাবিদ্যালয়ৰ ইণ্ডৰ হলত কাৰ্পেট পাৰি তাৰ ওপৰত অতি পৰিস্কাৰভাৱে শিশু কেইটাক ৰখাৰ হৈছে।
আমাৰ হাতত থকা তথ্য অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক নগাঁও জিলাখনতেই শিশু কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। শনিবাৰৰ দিনটোলৈকে জিলাখনত ৩২ টা কোভিড আক্ৰান্ত শিশু চিকিৎসাধীন হৈ আছিল। এডিপি কলেজৰ কোভিড কেয়াৰ চেণ্টাৰ, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৭ টা শিশু চিৎসাধীন হৈ থকাৰ উপৰিও জিলাখনৰ অন্যান্য চিকিৎসালয়ত কেইবাটাও শিশু চিকিৎসাধীন হৈ আছে।