'কা’ প্ৰত্যাহাৰৰ বাবে ৰাজ্যপালক স্মাৰক পত্ৰ ১৬টা বিৰোধী দলৰ

'কা’ প্ৰত্যাহাৰৰ বাবে ৰাজ্যপালক স্মাৰক পত্ৰ ১৬টা বিৰোধী দলৰ

ডিজিটেল ডেস্কঃ 'কা’ বলৱৎ কৰা বিষয়টোৰ বিৰোধিতা কৰি ১৬ টা বিৰোধী দলৰ ঐক্য মঞ্চই আজি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ১৬টা দলৰ শীৰ্ষ নেতৃত্বই আজি পুৱা ১০ বজাত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে আৰু 'কা’ প্ৰযোজ্য হ’লে হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ কথা অৱগত কৰে।

'কা’ৰ বিধিসমূহ প্ৰয়োগ হোৱাৰ লগে লগে অসমৰ অস্তিত্বৰ প্ৰতি পুনৰ সংকট আহিব, বিশেষকৈ জাতি-জনগোষ্ঠীৰ ভৱিষ্যতক লৈ অনিশ্চয়তা আহি পৰাৰ লগতে অসমীয়া জাতিৰ সাংস্কৃতিক, ভাষিক আৰু অৰ্থনৈতিক অস্থিৰতা আহি পৰিব। বিদেশীৰ বোজা অসমে আৰু ল’ব নোৱাৰে বুলি ৰাজ্যপালক বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে স্পষ্ট কৰি দিয়ে। বিৰোধী দলৰ নেতৃত্বৰ যুক্তি মন দি শুনি ৰাজ্যপালগৰাকীয়ে কয় যে স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়সমূহ তেওঁ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব আৰু বিষয়টো আলোচনা কৰিব।

অৱশ্যে ৰাজ্যপালগৰাকীৰ সীমাৱদ্ধতাৰ কথাও তেওঁ উনুকিয়াই আৰু চৰকাৰে কৰিম বুলি কৰা কাম পুনৰ বিবেচনা কৰিবৰ বাবে তেখেতে পৰামৰ্শহে দিব পাৰে বুলি উল্লেখ কৰে। বিৰোধী দলৰ নেতাসকলে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি 'কা’ৰ পৰা হ’ব পৰা ভয়াৱহতাৰ কথা অৱগত কৰিব বুলি ৰাজ্যপালক জনাই আৰু প্ৰধানমন্ত্ৰীৰ এক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনায়। ৰাজ্যপালগৰাকীয়ে বিৰোধী দলৰ নেতাসকলক প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ সাক্ষাৎকাৰ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তাৰ প্ৰতিলিপি ৰাজ্যপালক দিবৰ বাবে আহ্বান জনায়।

সৌহাৰ্দ্যপূৰ্ণ এই আলোচনা প্ৰায় ৪০ মিনিটযোৰা হয় যদিও বিৰোধী নেতাসকলে 'কা’ প্ৰত্যাহাৰ কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰে আৰু অসমৰ ৰাইজৰ ভৱিষ্যতৰ বিষয়টো সাংবিধানিক মুৰব্বী হিচাপে বিবেচনা কৰাৰ দায়িত্ব ৰাজ্যপালগৰাকীৰ বুলি তেখেতক জানিবলৈ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, ভূপেন কুমাৰ বৰা, তৃণমূল কংগ্ৰেছৰ সভাপতি, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, পিএলপিৰ সভাপতি চৰণ ডেকাই ৰাজ্যপালৰ আগত অসমৰ ৰাইজৰ হৈ 'কা’ বাতিল কৰিবলৈ যুক্তি প্ৰদৰ্শন কৰে।

বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধি হিচাপে চিপিএম দলৰ ইছফাকুৰ ৰহমান, আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰী, এনচিপিৰ (শাৰদ) পৰেশ বৰুৱা, সমাজবাদী পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি আব্দুল আজিজৰ লগতে আৰজেডি, অসম জাতীয় দলৰ নেতৃত্বও উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছৰ হৈ প্ৰতিনিধি দলটোত সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, বিপুল গগৈ, জিন্টু হাজৰিকা আৰু বিৰোধী ঐক্য মঞ্চৰ সমন্বয়ক বেদব্ৰত বৰাও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in