পঞ্চদশ বাৰ্ষিক মৃত্যু দিৱসত বীৰ ছহীদ লীলা কান্ত কলিতাৰ স্মৃতিচাৰণ

বটদ্ৰৱাৰ ৰাষ্ট্ৰীয় বীৰ ছহীদ লীলা কান্ত কলিতাৰ পঞ্চদশ বাৰ্ষিক মৃত্যু দিৱস উপলক্ষে দেওবাৰে বটদ্ৰৱাৰ বৰহিছা গাঁৱৰ বীৰ ছহীদ গৰাকীৰ গৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
শ্বহীদ লীলা কান্ত কলিতাৰ স্মৃতিচাৰণ

ছহীদ লীলা কান্ত কলিতাৰ স্মৃতিচাৰণ

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ ৰাষ্ট্ৰীয় বীৰ ছহীদ লীলা কান্ত কলিতাৰ পঞ্চদশ বাৰ্ষিক মৃত্যু দিৱস উপলক্ষে দেওবাৰে বটদ্ৰৱাৰ বৰহিছা গাঁৱৰ বীৰ ছহীদ গৰাকীৰ গৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ানৰ সৌজন্যত ছহীদ লীলা কান্ত কলিতাৰ বাসগৃহত অনুষ্ঠিত স্মৃতিচাৰণ সভাত ৩৪ বেটেলিয়ানৰ কোম্পানী ক'মানডেন্ট সঞ্জীৱ কুমাৰে "ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণত দেশৰ বাবে আত্ম বলিদান দিয়া বীৰ ছহীদ গৰাকীক স্মৰণ কৰাৰ লগতে ছহীদ গৰাকীৰ  মাতৃক সম্বৰ্ধনা জনাই।

Advertisment

উল্লেখযোগ যে, ২০১০ চনৰ ৬ এপ্ৰিলত চত্তিশগড়ৰ ডান্টেৱাৰা জিলাৰ তাৰমেটলা নামৰ এখন ঘন জংঘলত সন্ত্ৰাসবাদীৰ লগত সাহসে যুঁজি ছহীদ হৈছিল বটদ্ৰৱাৰ লীলা কান্ত কলিতা। স্মৃতিচাৰণ অনুষ্ঠানত গাঁও প্ৰধান খগেশ্বৰ বৰুৱা, সমাজকৰ্মী তুৱাৰাম বৰুৱা, পংকজ কলিতা, সাংবাদিক দিব্যজ্যোতি বৰুৱা,  ছহীদ গৰাকীৰ ভাতৃ প্ৰমোদ কলিতা, অনিল কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

বটদ্ৰৱা ছহীদ