জ্ঞানবিকাশ একাডেমীত শিক্ষক দিৱসত ডেৰশ পৃষ্ঠাৰ হাতে লিখা আলোচনী সূৰ্যোদয় উন্মোচন...

জ্ঞানবিকাশ একাডেমীত শিক্ষক দিৱসত ডেৰশ পৃষ্ঠাৰ হাতে লিখা আলোচনী সূৰ্যোদয় উন্মোচন...

author-image
Asomiya Pratidin
New Update
জ্ঞানবিকাশ একাডেমীত শিক্ষক দিৱসত ডেৰশ পৃষ্ঠাৰ হাতে লিখা আলোচনী সূৰ্যোদয় উন্মোচন...

ডিজিটেল সংবাদ, মঙলদৈঃ নৱ প্ৰজন্মই সামাজিক মাধ্যম আৰু ডিজিটেল সামগ্ৰীৰ অভূতপূৰ্ব ব্যৱহাৰেৰে যোগাত্মক বা ঋণাত্মক কাৰ্যৰ দ্বাৰা নিত্য নতুন চমৎকাৰ দি থকাৰ মাজতে মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ১৫০ পৃষ্ঠাৰ হাতেলিখা আলোচনী উন্মোচন কৰি চৰ্চালৈ আহিছে।

Advertisment

মঙলদৈ চহৰৰ মাজমজিয়াত থকা জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষক দিৱস উপলক্ষে এখন হাতেলিখা আলোচনী "সূৰ্যোদয়" ২০২১ চনৰ পৰা প্ৰকাশ কৰি আহিছে। কবিতা, চুটিগল্প, ৰস ৰচনা, ভ্ৰমণ কাহিনী, প্ৰৱন্ধ, বিভিন্ন ছবি আদিৰ সমাহাৰেৰে প্ৰকাশ পোৱা এই আলোচনীখন এইবেলি শিক্ষক দিৱসৰ দিনা উন্মোচন কৰে মঙলদৈৰ বিশিষ্ট চিকিৎসক, সু সাহিত্যিক ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱে।

ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ হাতৰ আখৰ, মনোমোহা বেটুপাত আৰু অংগসজ্জা দেখি অভিভূত হৈ কয় যে 'এয়া সোতৰ বিপৰীতে কৰা অনন্য প্ৰয়াস, ইয়াৰ বাবে তোমালোক প্ৰশংসাৰ পাত্ৰ।' ছাত্ৰী মেঘা শইকীয়া আৰু জুমি শইকীয়াই সম্পাদনা কৰা আৰু একাডেমীৰ সঞ্চালিকা বিনীতা চহৰীয়াৰ তত্বাৱধানত প্ৰকাশ পোৱা সূৰ্যোদয়ৰ উন্মোচনী সভাত উপস্থিত থাকে ক্ৰমে অধ্যক্ষ কুশল কলিতা, কৃতি শিক্ষক ক্ৰমে দিবাকৰ বৈশ্য, মহেন্দ্ৰ ডেকা, হৰণাথ ডেকা আৰু অন্যান্য সকল।

আনহাতে একেদিনাই ছাত্ৰী কংগনা কলিতাৰ সম্পাদনাত সুসজ্জিত ৰূপত একাডেমীৰ প্ৰাচীৰ পত্ৰিকা "বিদ্যাকোষ" উন্মোচন কৰে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট চন্দ্ৰ কাকতিয়ে। উন্মোচনী ভাষণত অন্যান্য বিষয়ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বাইক-স্কুটী চলাওতে হেলমেট বাধ্যতামূলক ভাৱে পৰিধান কৰিবলৈ আহ্বান জনায়।

জ্ঞানবিকাশ একাডেমী