/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/nogaon-3.jpg)
ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাত সোমবাৰৰ পৰা আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীক কভিড-১৯ৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৷ ১৫বছৰৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক নগাঁৱত ভেকচিন দিয়াৰ উদ্দেশ্যে শিক্ষামন্ত্ৰীৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয় ৷ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰাংগনত ভেকচিন প্ৰদান অনুষ্ঠানটি বন্তি প্ৰজ্জলন কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে সুভাৰম্ভ কৰে ৷
এই অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা , উপায়ুক্ত নিৰ্সগ হিবৰে , অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা , বিদ্যালয়ৰ অধ্যক্ষ দিপীকা লস্কৰ , যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰ আদি উপস্থিত থাকে ৷ জানিব পৰা মতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত ১৫ ৰ পৰা ১৮ বছৰৰ ৫৫০ জন শিক্ষাৰ্থী আছে ৷ জিলা খনত ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰী আছে ৷ ৯জানুৱাৰীৰ ভিতৰত সকলোকে ২২ টা স্থানত ভেকচিন দিয়া কাৰ্যসূচী নগাঁও জিলা প্ৰশাসনে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৷