/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/baksa-3.jpg)
ডিজিটেল সংবাদ বাক্সা: ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে বাক্সা জিলাতো সোমবাৰে ১৫ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ ল'ৰা-ছোৱালীক কোভিড-১৯ৰ টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ অদালবাৰীৰ কলাগুৰু বিষ্ণুৰাভা হাইস্কুলত আনুষ্ঠানিক ভাৱে এই টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত আয়ুস গাৰ্গে ৷ বাক্সা জিলা স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত এই টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উপায়ুক্ত গাৰ্গে কোভিড-১৯ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক গ্ৰহণৰ বাহিৰে গত্যন্তৰ নাই বুলি উল্লেখ কৰি এই অভিযান সফল কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনক সহযোগ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।
যিকোনো সময়তে কোভিডৰ উৎপৰিৱৰ্তিত ৰূপৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে। সেয়ে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক ব্যৱধানৰ নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ কয় উপায়ুক্ত গৰাকীয়ে ৷ তেওঁ লগতে সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ সকলো ল'ৰা-ছোৱালীকে বিনাদ্বিধাই প্ৰতিষেধক ল'বলৈ আহ্বান জনায় ৷
বাক্সা জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা অনুসৰি জিলাখনৰ মুঠ ৩২২ খন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ ২৭,৮৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীক অহা ৯ জানুৱাৰীৰ ভিতৰত টিকাকৰণ কৰা হ'ব ৷ সোমবাৰে প্ৰথম দিনটোত জিলাখনৰ মুঠ ৩৮ খন শিক্ষানুষ্ঠানৰ ১৬৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীক কোভিড প্ৰতিষেধক প্ৰদানেৰে এই কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় ৷ এই কাৰ্যসূচীত বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমান, বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি বিষয়া ধ্ৰুৱজ্যোতি শইকীয়া, সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্ত, কলাগুৰু বিষ্ণু ৰাভা হাইস্কুলৰ প্ৰধান শিক্ষক পুপুল শৰ্মাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্য বিভাগ তথা শিক্ষা বিভাগৰ বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত থাকে
৷ উল্লেখ্য যে, ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মলাভ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ বাহিৰৰ কিশোৰ-কিশোৰীয়েও ল'ব পাৰিব এই কোভিড প্ৰতিষেধক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us