সোমবাৰে ১ লাখ কিশোৰ-কিশোৰীলৈ ভেকচিন : জানুৱৰীত সম্পূৰ্ণ হ’ব দ্বিতীয়পালি ভেকচিন প্ৰদানৰ কাৰ্যসূচী…

সোমবাৰে ১ লাখ কিশোৰ-কিশোৰীলৈ ভেকচিন : জানুৱৰীত সম্পূৰ্ণ হ’ব দ্বিতীয়পালি ভেকচিন প্ৰদানৰ কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
সোমবাৰে ১ লাখ কিশোৰ-কিশোৰীলৈ ভেকচিন : জানুৱৰীত সম্পূৰ্ণ হ’ব দ্বিতীয়পালি ভেকচিন প্ৰদানৰ কাৰ্যসূচী…

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত প্ৰথমে ধৰা পৰা কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰণ সমগ্ৰ বিশ্বলৈ সংক্ৰমিত হৈ এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে। বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰততো দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ। ৩১ ডিচেম্বৰৰলৈকে দেশত অমিক্ৰনত প্ৰায় ৬০০ লোক আক্ৰান্ত হৈ থকাৰ পিছত নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে এই সংখ্যাই ১৭০০ ৰ ঘৰ স্পৰ্শ কৰিলেগৈ।

Advertisment

এনে সময়ত স্বাভাৱিকতে সৃষ্টি হৈছে এক আতংকৰ পৰিৱেশ। বৰ্তমানলৈকে অসমত অমিক্ৰনৰ এই নতুন প্ৰকাৰৰ এটাও সংক্ৰমণৰ ঘটনা পোৱা নাই যদিও চুবুৰীয়া বহুকেইখন ৰাজ্যত পোৱা গৈছে অমিক্ৰনত আক্ৰান্ত ব্যক্তি। যাৰ বাবে পশ্চিমবংগৰ দৰে ৰাজ্যত আংশিক লকডাউন দিয়াৰো চিন্তা চৰ্চা কৰা হৈছে। বহু ক্ষেত্ৰত আৰোপ কৰা হৈছে নিশেধাজ্ঞা।

এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰনালয়, প্ৰধানমন্ত্ৰী মোডী, স্বাস্থ্যমন্ত্ৰীকে ধৰি সকলোৱে কোভিড ভেকচিন গ্ৰহণৰ দিশটোক অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই আহিছে। এই আহ্বানৰ প্ৰতি সহাৰি জনাই আৰু কোভিডৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণেও ভেকচিন গ্ৰহণৰ বাবে আগবাঢ়ি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাইয়ো কোভিড ভেকচিন সকলোৱে গ্ৰহণ কৰিলে চলিত বছৰতেই বিশ্বৰ পৰা কোভিডে বিদায় ল'ব বুলি উল্লেখ কৰিছে।

দেশত কোভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনক অধিক শক্তিশালী কৰি সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক কোভিড ভেকচিন প্ৰদানৰ অভিযান। প্ৰধানমন্ত্ৰী মোডীয়ে ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত দেশবাসীক সম্বোধন কৰি কোভিড ভেকচিনৰ নতুন যুঁজখনৰ বিৰুদ্ধে অৱগত কৰিছিল।

সেই অনুসৰি দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমতো কোভিড ভেকচিন প্ৰদানৰ এই অভিযান আৰম্ভ হৈছে। কিশোৰ-কিশোৰীসকলে এই ভেকচিন গ্ৰহণৰ বাবে কোউইন (cowin) ৰ জৰিয়তে নিজৰ নাম পঞ্জিয়ন কৰিব পাৰিব। এই ক্ষেত্ৰত কিশোৰ-কিশোৰীৰ বয়স নিৰ্ধাৰণৰ ক্ষেত্ৰত দশম শ্ৰেণীৰ প্ৰমাণপত্ৰ অথবা আধাৰ কাৰ্ড ব্যবহাৰ কৰিব পাৰিব। ইতিমধ্যে কোউইনত পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

সোমবাৰৰ দিনটোত অসমত আৰম্ভ হোৱা কোভিড ভেকচিন প্ৰদানৰ এই কাৰ্যসূচীৰ মাজতেই দুলীয়াজানস্থিত অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰিছে। কামৰূপ মহানগৰ জিলাত মুঠ ১৫ টা স্থানত ৪২৬১ গৰাকী ১৫ ৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰ-কিশোৰীক কোভিড ভেকচিন প্ৰদান কৰা হ'ব।

ইয়াৰ বাবে নিৰ্ধাৰিত কোভিড ভেকচিন প্ৰদান কেন্দ্ৰ, কামৰূপ একাডেমীত ৩১৬,, ডন বস্কো স্কুল পাণবজাৰত ৫১৮, কটন কলেজিয়েট হাইস্কুলত ৩১৬ , টি চি হাইস্কুলত ৩৫০, কালিৰাম হাইস্কুলত ১২২, গোপাল বড়ো চৰকাৰী হাইস্কুলত ৩১৪, সোনাৰাম হাইস্কুলত ৩১৫, উলুবাৰী হাইস্কুলত ২৯৮ , দিছপুৰ হাইস্কুলত ৩০০, কাজিৰঙা ইংলিছ একাডেমীত ১৭৩, সোণাপুৰ হাইস্কুলত ২০০, নাহৰগুৰি হাইস্কুলত ২৫৯ ,জ্ঞানজ্যোতি হাইস্কুলত ১৫০, সোণাপুৰ কলেজত ৪৮০ আৰু কেন্দ্ৰীয় বিদ্যালয় নাৰেঙ্গীত ১৫০ জনক কোভিড ভেকচিন প্ৰদান কৰা হ'ব।

ইফালে কিশোৰ-কিশোৰীক কোভিড ভেকচিন প্ৰদানৰ এই কাৰ্যসূচীৰ পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানস্থিত অইল ইণ্ডিয়া হাইয়াৰ ছেকেণ্ডেৰীত উপস্থিত হৈছে। শিক্ষানুষ্ঠানখনত উপস্থিত হৈ তেওঁ কয় যে, কোভিড বিৰোধী যুঁজখনৰ সন্মুখত থকা কৰ্মী আৰু কোমৰ্বিডিটি থকা জ্যেষ্ঠ নাগৰিকৰ বাবে ১০ জানুৱাৰীৰ পৰা সাৱধানতামূলক কোভিড ভেকচিনৰ পালি প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হ'ব। অসমত বৰ্তমানলৈকে কোভিড ভেকচিনৰ প্ৰথম পালি প্ৰদানৰ কাম প্ৰায় প্ৰায় সম্পূৰ্ণ আৰু দ্বিতীয় পালি ৭০ শতাংশ লোকক প্ৰদান কৰা হৈছে।

ইয়াৰোপৰি তেওঁ চলিত জানুৱাৰী মাহৰ ভিতৰতেই সকলো নাগৰিকক কোভিড ভেকচিনৰ দ্বিতীয় পালি ভেকচিন প্ৰদান কৰাৰ কাম শেষ কৰা হ'ব।