/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/dhokuakhana-3.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: অতিমাৰী কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ মানসেৰে ঢকুৱাখনা মহকুমাত সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে প্ৰতিষেধক প্ৰদান অভিযান। মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত মুঠ ১৩ টা কেন্দ্ৰত ১৫ বছৰৰ পৰা১৮ বছৰ বয়সৰ সকলোকে এই প্ৰতিষেধক প্ৰদান অভিযানে সামৰি লোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
সোমবাৰে ঢকুৱাখনা নগৰৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত প্ৰতিষেধক কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে ফিটা কাটি শুভাৰম্ভ কৰে মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুৰনেইল সিঙে। ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল পেগু , সহকাৰী আয়ুক্ত অভিজাত বৰুৱা , ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু , খণ্ড চিকিৎসা বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল , শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ কল্পনা গগৈ আদিৰ উপস্থিতিত এই প্ৰতিষেধক প্ৰদান আঁচনিখন শুভাৰম্ভ কৰে।
অহা ১০ জানুৱাৰী পৰ্যন্ত অব্যাহত থাকিব লগা এই প্ৰতিষেধক প্ৰদান অভিযানখন পৰৱৰ্তী সময়ত প্ৰতি বিদ্যালয়ে বিদ্যালয়ে স্বাস্থ্য কৰ্মী সকলে গৈ সম্পন্ন কৰিব বুলি জানিবলৈ দিছে। সোমবাৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ১২ টা কেন্দ্ৰত আৰু ঘিলামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ১টা কেন্দ্ৰত কোভিড প্ৰতিষেধক প্ৰদান কৰা হয় মুঠ ৭ শতাধিক ১৩ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ব্যক্তিক এই প্ৰতিষেধক প্ৰদান কৰা হয়।