/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/jatiya.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক ১৪ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত ধৰ্ম-বৰ্ণ,জাতি-ভাষা নিৰ্বিশেষে সকলোৱে মহাপীঠ নিৰ্মাণৰ সংকল্পৰে পৰিবেশন কৰিব অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ।আমি লতাশিল খেলপথাৰলৈ যাম, আমাৰ জাতীয় সংগীত গাম শিৰোনামেৰে আয়োজন কৰা এই অনুষ্ঠানত হাজাৰ জনৰ উপস্থিতিত জাতীয় সংগীতৰ অনুষ্ঠানৰ দৃশ্যাগ্ৰহণো কৰা হ'ব।
উল্লেখ্য যে ১১১ বছৰীয়া অসম জাতীয় সংগীতৰ ইতিহাসৰ তথ্য সম্ভাৰেৰে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী খাৰঘুলিস্থিত অসমৰ জাতীয় সংগীত আৰু জনজাতীয় প্ৰকল্পই ২০ বছৰীয়া নিৰলস গৱেষণাৰে উদ্ধাৰ কৰা তথ্যৰে অসম জাতীয় সংগীতক নতুনকৈ সজাই তোলাৰ চেষ্টা কৰা হৈছে এই অনুষ্ঠানৰ জৰিয়তে।
অসমৰ জাতীয় সংগীত আৰু জনজাতীয়-জনগোষ্ঠীয় ভাষাৰূপ অধ্যয়ন গৱেষণা প্ৰকল্পৰ মূখ্য গৱেষক, তথ্যচিত্ৰ নিৰ্মাতা ৰাজীৱ হৰি কৌশিকে কয় যে অসমৰ জাতীয় সংগীতটি ইতিহাসৰ কালগৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছিল বুলি মন্তব্য কৰি পৰৱৰ্তী সময়ত গৱেষণাৰ মাধ্যমেৰে তেওঁ ন ন তথ্য উদ্ভাৱন কৰিছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত লতাশিলত পৰিৱেশিত হ'ব লগা জাতীয় সংগীতটো উত্তৰ পূৱ ভাৰতৰ পাৰস্পৰিক সাজপাৰ পৰিৱেশন কৰা হ'ব। ইতিমধ্যে গৱেষণা প্ৰকল্পৰ সংগীত বিভাগৰ মূখ্য উপদেষ্টা বিশিষ্ট সংগীতজ্ঞ নন্দ বেনাৰ্জীৰ পৰিচালনাত গৱেষক ৰাজীৱ হৰি কৌশিকে বাণীৱদ্ধ কৰিছে।