দশম আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্রাপ্ত ১৩৭ শিক্ষাৰ্থীক USTM ৰ সম্বৰ্ধনা…

দশম আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্রাপ্ত ১৩৭ শিক্ষাৰ্থীক USTM ৰ সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
দশম আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্রাপ্ত ১৩৭ শিক্ষাৰ্থীক USTM ৰ সম্বৰ্ধনা…

ডিজিটেল সংবাদ ন-মাইলঃ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱা, স্বীকৃতি প্রদান কৰা আৰু সন্মানিত কৰাৰ পৰম্পৰা অব্যাহত ৰাখি ইউনিভাৰ্চিটী অব্ চায়েন্স এণ্ড টেকন'লজি মেঘালয়ে ইআৰডি ফাউণ্ডেশ্বন গুৱাহাটীৰ সহযোগত আজি মেঘালয় আৰু অসমৰ ৰাজ্যিক বোৰ্ডৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শীৰ্ষ স্থানপ্রাপ্ত ছাত্র-ছাত্রীসকলক তেওঁলোকৰ উৎকৃষ্ট ফলাফলৰ বাবে সম্বৰ্ধনা জনায়।

Advertisment

এই উপলক্ষে অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা ১৩৭ গৰাকী শীর্ষস্থান প্রাপ্তসকলৰ ভিতৰত আছিল অসমৰ ছেবাৰ অধীনৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত স্থানপ্রাপ্তসকল আৰু মেঘালয়ৰ এমবিঅ'এছইৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্রাপ্তসকল।

ইআৰডিএফৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিং চেণ্টাৰ, ভিজন ৫০ একাডেমীৰ সহযোগত ইউএছটিএমৰ কেন্দ্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই কৃত্বিমান ছাত্র-ছাত্রীসকলক স্মাৰক, প্ৰমাণপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়। দুয়োখন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁলোকৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰামৰ্শদাতাসকলো এই অনুষ্ঠানত উপস্থিত থাকে।

এই অনুষ্ঠানৰ মুখ্য অতিথি আছিল শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰাজীৱ মোহন পণ্ট। তেওঁ সকলো ছাত্র-ছাত্রীকে তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনাই আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰে। তেওঁ কয় যে, অঞ্চলটোৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে শিক্ষাই হৈছে একমাত্ৰ আহিলা আৰু দেশৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ কেৰিয়াৰ গঢ়োতে সমাজৰ কথা চিন্তা কৰি তাক বাস্তৱত ৰূপায়িত লাগে।

ছাত্ৰ-ছাত্ৰী আৰু অনুষ্ঠানত উপস্থিত থকা সকলোকে আদৰণি জনাই ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে এক উৎসাহদায়ক আৰু প্ৰেৰণাদায়ক ভাষণত কয় যে- যদি কোনো লোকে তেওঁৰ উদ্দেশ্যত উপনীত হ'বলৈ কল্পনা কৰে আৰু নিষ্ঠাৰে কাম কৰি যায় তেন্তে এই পৃথিৱীত তেওঁক কোনেও বাধা দিব নোৱাৰে। আজিৰ অনুষ্ঠানটো সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এক মঞ্চ য'ত তেওঁলোকে অসামৰিক সেৱাৰ বাবে নিজকে প্রস্তুত কৰিবলৈ উৎসাহিত হয়।

শলাগৰ শৰাই আগবঢ়াই ইউএছটিএম প্রোঃ উপাচার্য ড° বলেন্দ্ৰ কুমাৰ দাসে কয়- "শিক্ষা হৈছে এনেকুৱা এক কাৰ্যকৰী পথ, যিয়ে জীৱনৰ বিভিন্ন স্তৰত মানুহক উত্তম আৰু অধিক উৎপাদনশীল কৰি তোলে। ই মানুহৰ মনৰ পৰা সন্দেহ আৰু মলিনতা দূৰ কৰে আৰু সকলোকে অন্ধকাৰৰ পৰা পোহৰলৈ আনে।" তেওঁ কৃত্বিমান ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ প্ৰচেষ্টাত ভবিষ্যত উজ্জ্বল কামনা কৰে।